শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰপুত্ৰৰ অত্যাচাৰ! অতিষ্ঠ পিতৃয়ে হাতত ল’লে কুঠাৰ, তাৰ পিছত মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড…

এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অভিযুক্ত নৰেশ আৰু মৃত স্বপ্নাৰ দুজনকৈ পুত্ৰ আছে। নৰেশ আৰু স্বপ্নাই এখন গেলামালৰ দোকান আৰু চিকেন চেণ্টাৰ চলাইছিল। কিছুদিন ধৰি আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা পৰিয়ালটোৰ ভিতৰত কাজিয়া আৰু সংঘাতৰ সৃষ্টি হৈছিল।

বৰপুত্ৰৰ অত্যাচাৰ!  অতিষ্ঠ পিতৃয়ে হাতত ল’লে কুঠাৰ, তাৰ পিছত মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড…
Urine Color (1)
Trishna Kalita
Trishna Kalita | Updated On: 04 Oct 2025 16:10 PM

তেলেংগানাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।  পত্নীক কুঠাৰেৰে কাটি হত্যা কৰিলে দানৱ ৰূপী  স্বামীয়ে। তাৰ পিছত তেওঁ পলায়ন কৰে। নিহত মহিলাগৰাকীৰ নাম স্বপ্না, আৰু অভিযুক্ত স্বামীৰ নাম নৰেশ। এই হত্যাকাণ্ড মহাবুবাবাদ জিলাৰ নেল্লিকুদুৰু মণ্ডলৰ আলেৰু গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অভিযুক্ত নৰেশ আৰু মৃত স্বপ্নাৰ দুজনকৈ পুত্ৰ আছে। নৰেশ আৰু স্বপ্নাই এখন গেলামালৰ দোকান আৰু চিকেন চেণ্টাৰ চলাইছিল। কিছুদিন ধৰি আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা পৰিয়ালটোৰ ভিতৰত কাজিয়া আৰু সংঘাতৰ সৃষ্টি হৈছিল। তাৰ পিছত ডাঙৰ পুত্ৰই পিতৃ-মাতৃক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে, যাৰ ফলত তেওঁলোকৰ মাজৰ মতানৈক্য আৰু অধিক ভয়াৱহ হৈ পৰিল।

অভিযুক্ত নৰেশে ক্ৰমান্বয়ে পত্নীক সন্দেহ কৰিবলৈ লৈছিল। তেওঁৰ আচৰণ মনোৰোগীৰ দৰে হৈ পৰিছিল। প্ৰাথমিক তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে দম্পতীৰ মাজত প্ৰায়ে কাজিয়া কৰিছিল। তেওঁলোকৰ ডাঙৰ পুত্ৰ ক্ৰমাৎ অনিয়ন্ত্ৰিত হৈ পৰিছিল আৰু পিতৃ-মাতৃৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।ডাঙৰ পুত্ৰই পিতৃ-মাতৃৰ কথা শুনা নাছিল। ইয়াৰ প্ৰধান কৰা আছিল মাতৃৰ অত্যধিক মৰম।

ডাঙৰ পুত্ৰক লৈ নৰেশ আৰু স্বপ্নাৰ মাজত পৰায়ে কাজিয়া হৈছিল। তাৰ পিছত ক্ৰোধৰ জুইত তেওঁ পত্নীক কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰিছিল। ঘৰত উপস্থিত থকা নৰেশৰ পুত্ৰ আৰু পৰিয়ালৰ লোকে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। নেল্লিকুদুৰু আৰক্ষী পৰিদৰ্শক সত্যনাৰায়ণে জনোৱা মতে, ক্ৰোধত নৰেশে পত্নীৰ ডিঙিত কুঠাৰেৰে আক্ৰমণ কৰে।

থিতাতে মৃত্যু হয় স্বপ্নাৰ। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ডাঙৰ পুত্ৰক লৈ দম্পতীৰ মাজত হোৱা বিবাদৰ ফলত এই হত্যাকাণ্ড সংঘটিত হৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তক সন্ধান অব্যাহত ৰাখিছে।