শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পাকিস্তানৰ অপৰিসীম ক্ষতি কৰিব পাৰে ভাৰতে, হুংকাৰ ৰাজনাথ সিঙৰ

পাকিস্তানৰ অপৰিসীম ক্ষতি কৰিব পাৰে ভাৰতে, হুংকাৰ ৰাজনাথ সিঙৰ

monjit-dutta
Monjit Dutta | Published: 04 Oct 2025 22:04 PM

অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গৰে পাকিস্তানক সমালোনাৰে থকাসৰকা কৰি ৰাজনাথ সিঙে লগতে ছাৰ ক্ৰিক অঞ্চলত যদি পাকিস্তানে দুঃসাহস দেখুৱাৰ চেষ্টা কৰে, ভাৰতে পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি কৰিব পৰাকৈ প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজয়া দশমীৰ দিনটোত ভূজ সামৰিক ঘাটিত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সেনাৰ অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে। লগতে অপাৰেচন সেন্দূৰৰ সময়ত ব্যৱহৃত এল-৭০ এয়াৰ ডিফেন্স গানতো পূজা আগবঢ়ায় ৰাজনাথ সিঙে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ৰান অৱ কচৰ ছাৰ ক্ৰিক লাইনো পৰিদৰ্শন কৰে। ৰাজনাথ সিঙে ছাৰ ক্ৰিক লাইনত নিয়োজিত সেনা জোৱানসকলক পাকিস্তানৰ বিৰুদ্ধে অত্যন্ত বীৰত্বৰে যুঁজ দিয়াৰ বাবে উচ্চ প্ৰশংসা কৰে

এই ভ্ৰমণৰ সময়ত ৰাজনাথ সিঙে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গৰে পাকিস্তানক সমালোনাৰে থকাসৰকা কৰি ৰাজনাথ সিঙে লগতে ছাৰ ক্ৰিক অঞ্চলত যদি পাকিস্তানে দুঃসাহস দেখুৱাৰ চেষ্টা কৰে, ভাৰতে পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি কৰিব পৰাকৈ প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে