শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লাভ জেহাদ, বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ শাস্তি হ’ব মৃত্যুদণ্ড! জানক এই আইনখন কি…

ধৰ্ম পৰিবৰ্তন বা লাভ জেহাদ বিৰোধী ঘটনাৰ বাবে কঠোৰ মধ্য প্ৰদেশৰ বিজেপি চৰকাৰ। বলপূৰ্বক ধৰ্ম পৰিবৰ্তন কৰোৱাসকলক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি কয় মুখ্য়মন্ত্ৰীয়ে।

লাভ জেহাদ, বলপূৰ্বক ধৰ্ম পৰিবৰ্তনৰ শাস্তি হ’ব মৃত্যুদণ্ড! জানক এই আইনখন কি…
মোহন যাদৱImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 09 Mar 2025 11:40 AM

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে লাভ জেহাদৰ বিৰুদ্ধে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে, আমাৰ চৰকাৰে বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু অসৎ আচৰণ সহ্য নকৰে। এনে দুষ্কৰ্ম কৰাসকলক ৰেহাই দিয়া নহয়। যিসকলে বলপূৰ্বকভাৱে কাৰোবাৰ ধৰ্মান্তৰকৰণ কৰাই তেন্তে তেওঁক মৃত্যুদণ্ড দিয়া হ’ব। নাৰী দিৱস উপলক্ষে ভোপালৰ কুশাভাউ থাকৰে কনভেনচন চেণ্টাৰত আয়োজন কৰা এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কিশোৰী ধৰ্ষণৰ শাস্তিৰ দৰে আমাৰ চৰকাৰে যুৱতী ধৰ্মান্তৰিত কৰাসকলকো মৃত্যুদণ্ডৰ ব্যৱস্থা কৰিব। নিৰীহ কন্যাৰ সৈতে দুষ্কৰ্ম কৰসকলৰ বিৰুদ্ধে আমাৰ চৰকাৰ অতি কঠোৰ।  ৰাজ্যত পূৰ্বৰ পৰাই কিশোৰী ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে ফাঁচীৰ ব্যৱস্থা আছে, এতিয়া বলপূৰ্বক ধৰ্ম পৰিবৰ্তন কৰাসকলকো ফাঁচী দিয়াৰ ব্যৱস্থা কৰা হ’ব।

লগতে কয়, মধ্যপ্ৰদেশৰ ধৰ্মীয় স্বাধীনতা আইনত ধৰ্ম পৰিবৰ্তনৰ বাবে ফাঁচীৰ ব্যৱস্থা কৰা হ’ব । আমাৰ চৰকাৰ কন্যাৰ সুৰক্ষা আৰু আত্মসন্মানৰ বাবে উৎসৰ্গিত। নাৰী বিৰোধী এনে কাৰ্যৰ বিৰুদ্ধে আমি কঠোৰভাৱে মোকাবিলা কৰিম। তেওঁ কয় যে, কন্যাৰ লগত অসৎ আচৰণ কৰা সকলক মৃত্যুদণ্ডৰ ব্যৱস্থা ইতিমধ্যে প্ৰযোজ্য।

মুখ্যমন্ত্ৰী যাদৱে কয় যে, ধৰ্মীয় স্বাধীনতা আইনখন বলপূৰ্বকভাৱে বিবাহ আৰু ধৰ্ম পৰিবৰ্তন কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। ধৰ্ম পৰিবৰ্তন, অসৎ আচৰণৰ দৰে কোনো ঘটনা আমাৰ চৰকাৰে সহ্য নকৰে। এই সকলোবোৰৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, যদি এনে হয় তেন্তে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা প্ৰথমখন ৰাজ্য হ’ব মধ্যপ্ৰদেশ।

ধৰ্মীয় স্বাধীনতা আইন কি

২০২১ চনৰ ৮ মাৰ্চত মধ্যপ্ৰদেশ চৰকাৰে বিধানসভাত ধৰ্মীয় স্বাধীনতা আইন গৃহীত কৰিছিল। এই আইনত বিজেপি চৰকাৰে   বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ  কৰিছিল। নতুন আইনখনত অবৈধ ধৰ্মান্তৰকৰণৰ দোষীক ১০ বছৰ পৰ্যন্ত জেল আৰু জৰিমনাৰ ব্যৱস্থা আছে।  বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰিলে এবছৰৰ পৰা পাঁচ বছৰৰ শাস্তি আৰু ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হয়। আনহাতে কিশোৰী, মহিলা বা অনুসূচিত জাতি/জনজাতিৰ ক্ষেত্ৰত দুবছৰৰ পৰা দহ বছৰৰ শাস্তি আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা আছে।

শাস্তিসমূহ

  • অবৈধ ধৰ্ম পৰিবৰ্তন- ১ৰ পৰা ৫ বছৰৰ শাস্তি আৰু ২৫,০০০ জৰিমনা
  • কিশোৰী, মহিলা, এছ চি, এছটিৰ ধৰ্ম পৰিবৰ্তন- ২ৰ পৰা ১০ বছৰলৈ শাস্তি আৰু ৫০,০০০ জৰিমনা
  • বিপথে পৰিচালিত কৰি বিবাহ কৰোৱা- তিনিৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা
  • দুজনতকৈ অধিক লোকক গণ ধৰ্মান্তৰিত- পাঁচৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা
  • যদি কোনো ব্যক্তিয়ে ৬০ দিন আগতীয়াকৈ জিলা দণ্ডাধীশক অৱগত নকৰাকৈ নিজৰ ধৰ্মান্তৰ কৰে- তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ড আৰু পঞ্চাশ হাজাৰ টকাৰ জৰিমনা