Aruna Shanbaug: ৪২ বছৰ চিকিৎসালয়ৰ বিচনাত থকা অৰুণা শ্বানবাগ কোন? যাৰ লগত কৰ্তব্যস্থলীত হৈছিল ভয়ংকৰ কাণ্ড
অৰুণা ইচ্ছামৃত্যু বিচাৰিছিল। কিন্তু সেই অনুমতি উচ্চতম ন্যায়ালয়ে তেওঁক দিয়া নাছিল। ৪২ বছৰ মৃতদেহৰ দৰে জীয়াই আছিল তেওঁ। কিন্তু অৰুণাৰ এই অৱস্থা কৰা অভিযুক্তই মাত্ৰ ৭বছৰ জেল খাটি বাহিৰলৈ ওলাই আহিছিল। অৰুণাৰ জীৱিত মৃতদেহটোৰো যেন প্ৰতি ক্ষণত মৃত্যু হৈছিল।

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ লগত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। চিবিআইৰ তদন্ত চলি থকাৰ মাজতে মঙলবাৰে এই ঘটনাৰ শুনানি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হয়। শুনানি গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দ কৰে আৰু চিকিৎসা ব্যৱস্থাৰ প্ৰতি জড়িতলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়। এই শুনানি গ্ৰহণ কৰি থকাৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে, বহু সময়ত চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল হিংসাৰ বলি হব লগা হয়। তাৰ ভিতৰত আছিল অৰুণা শ্বানবাগ।
ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰা অৰুণা শ্বানবাগৰ কাহিনী আছিল অতি মৰ্মান্তিক আৰু দীঘলীয়া। য’ত ভুক্তভোগীয়ে বছৰ বছৰ ধৰি এটা মৃতদেহৰ দৰে জীয়াই থকাৰ বিপৰীতে অপৰাধীয়ে মাত্ৰ ৭ বছৰ জেল খাটি বাহিৰলৈ ওলাই আহিছিল। অৰুণা আজিৰ দিনত জীয়াই থাকিলে কমেও ৭৫ বছৰীয়া হ’লহেতেন। কিন্তু ২৩ বছৰ বয়সত অৰুণাৰ লগত সংঘটিত ঘটনাই আপোনাৰ চকু সেমেকাই তুলিব।
অৰুণা শ্বানবাগ কোন?
অৰুণাৰ কথা জানিবলৈ হ’লে আমি কেইবছৰমান পিছুৱাই যাব লাগিব। ১৯৪৮-৪৯ চনত কৰ্ণাটকৰ হালদীপুৰৰ উত্তৰ কানাড়া অঞ্চলত জন্মগ্ৰহণ কৰিছিল অৰুণা শ্বানবাগে। ৮ ভাই- ভনীৰ ভিতৰত অৰুণা সৰু আছিল। পঢ়া- শুনাৰ অন্তত অৰুণা মুম্বাইলৈ গৈছিল। তাতে হোষ্টেলত থাকি নাৰ্চিং পাঠ্যক্ৰমত অধ্যয়ন কৰিছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰি ১৯৭১ চনত মুম্বাইৰ কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালত কনিষ্ঠ নাৰ্ছ হিচাপে তেওঁ নিযুক্তি লাভ কৰে। সেই চিকিৎসালয়খনৰ এটা বিভাগত কুকুৰৰ ওপৰত ঔষধৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল আৰু অৰুণাক সেই ঔষধৰ পৰীক্ষা কৰাৰ দায়িত্ব দিয়া হৈছিল।
কি হৈছিল
এই হাস্পাতালখনত কৰ্মৰত এজন চিকিৎসকৰ সৈতে অৰুণাৰ বিয়া ঠিক হৈছিল।কিন্তু তাৰ আগতেই সংঘটিত হয় মৰ্মান্তিক ঘটনা। উত্তৰ প্ৰদেশৰ বাসিন্দা ছোহন লাল বাল্মিকী নামৰ লোকজনো সেই হাস্পাতালত ৱাৰ্ড বয় হিচাপে কাম কৰিছিল। জানিব পৰা মতে, কুকুৰলৈ অহা বিভিন্ন সামগ্ৰী ছোহন লালে চুৰি কৰি বিক্ৰী কৰিছিল। এই কথা গম পাইছিল অৰুণাই আৰু এনে কৰিবলৈ তেওঁক বাধা দিছিল। ইয়াকে লৈ তেওঁলোকৰ মাজত কেইবাবাৰো কাজিয়াও লাগিছিল।
১৯৭৩, ২৭ নৱেম্বৰৰ কথা। নিশা ৮ বজা মানত ডিউটি শেষ হোৱাৰ পাছত অৰুণাই কাপোৰ সলাবলৈ এটা কোঠাত যায়। সেই কোঠাটোত আগৰ পৰা ছোহন লাল আছিল। ছোহন লালে অৰুণাৰ লগত মাৰপিট কৰে আৰু কুকুৰৰ ডিঙিক বন্ধা চেইনেৰে অৰুণাৰ ডিঙিত মেৰিয়াই ধৰে। ইয়াৰ ফলত অৰুণাৰ ডিঙিৰ শিৰা সৰু হৈ পৰাত মগজুলৈ তেজৰ সঞ্চালন বন্ধ হৈ যায়। অৰুণা অচেতন হৈ পৰে আৰু কোৱা হয় যে ইয়াৰ পিছত ছোহনলালে তেওঁক ধৰ্ষণ কৰিছিল।
মাত্ৰ ৭ বছৰ কাৰাদণ্ড
১০-১১ ঘন্টা অৰুণা ঘটনাস্থলীতে পৰি আছিল। যেতিয়া সহকৰ্মীয়ে অৰুণাক দেখে লগে লগে হৈ চৈৰ সৃষ্টি হয় আৰু তেওঁৰ চিকিৎসা আৰম্ভ হয়। কিন্তু তেতিয়ালৈকে অৰুণা কোমাত গুচি গৈছিল। তেওঁ শুনা, কথা কোৱা শক্তি হেৰুৱাই পেলাইছিল। অৰুণা হৈ পৰিছিল এটা জীৱিত অথচ মৃতদেহ। এই ঘটনাক লৈ বহু প্ৰতিবাদ হৈছিল কিন্তু আৰক্ষীয়ে ছোহন লালৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু নকৰিলে। হত্যাৰ চেষ্টাৰ অভিযোগত ছোহন লালৰমাত্ৰ ৭ বছৰ জেল হয়।
৪২ বছৰ হাস্পাতালত
অৰুণাৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল। লাহে লাহে অৰুণাৰ বিয়া ঠিক হোৱা যুৱকজন, পৰিয়ালৰলোক সকলোৱে তেওঁৰ খবৰ ল’বলৈ অহা বন্ধ কৰি দিছিল। অৰুণা ৪২ বছৰ ধৰি কিং এডৱাৰ্ড মেমৰিয়েল হাস্পাতালৰ ৪ নং কোঠাত জীৱিত মৃতদেহৰ দৰে পৰি আছিল। পৰৱৰ্তী সময়ত অৰুণাক হাস্পাতালৰ পৰা আঁতৰ কৰাৰ দাবীও উঠিছিল। কিন্তু নাৰ্চসকলৰ প্ৰতিবাদৰ অন্তত সিদ্ধান্ত লোৱা হৈছিল যে অৰুণা হাস্পাতালতে থাকিব।
অৰুণা ইচ্ছামৃত্যু বিচাৰিছিল। কিন্তু সেই অনুমতি উচ্চতম ন্যায়ালয়ে তেওঁক দিয়া নাছিল। ৪২ বছৰ মৃতদেহৰ দৰে জীয়াই থকাৰ অন্তত ২০১৫ চনৰ ১৮ মেত অৰুণাৰ মৃত্যু হয়। মৃত্যুৰ সময়লৈকে তেওঁক নাৰ্চসকলে চোৱা-চিতা কৰিছিল।