শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভোট চুৰিৰ প্ৰমাণ লাগে নিৰ্বাচন আয়োগক, মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ তুলিব বিৰোধীয়ে!

Vote Chori row: কংগ্ৰেছ আৰু বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এক সংবাদমেলত নিৰ্বাচন আয়োগে নিজৰ পক্ষ দাঙি ধৰি বিৰোধীক সকীয়াই দিয়ে। ইণ্ডিয়া ব্লকৰ বৈঠকত কংগ্ৰেছৰ সভাপতি খাৰ্গেই মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিবলৈ প্ৰস্তাৱ আগবঢ়াইছে যদিও চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী আছে।

ভোট চুৰিৰ প্ৰমাণ লাগে নিৰ্বাচন আয়োগক, মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ তুলিব বিৰোধীয়ে!
ইণ্ডিয়া ব্লকৰ সাংসদৰ প্ৰতিবাদImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 18 Aug 2025 13:32 PM

কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যোৱা কিছুদিনৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। এই অভিযোগ সন্দৰ্ভত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক প্ৰেজেণ্টেচনৰ জৰিয়তে এই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল। তাৰ পাছতেই দেশজুৰি ব্যাপক আলোচনা দেখা গৈছে।

কংগ্ৰেছৰ অভিযোগৰ পাছত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দেওবাৰে এক সংবাদমেল সম্বোধন কৰা হয়। এই সংবাদমেলত নিৰ্বাচন আয়োগৰে নিজৰ বক্তব্য ৰাখে আৰু তেওঁলোকৰ কান্ধত বন্দুক থৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক সকীয়াই দিয়ে। এতিয়া নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ বাবে সাজু হৈছে বিৰোধী।

এই বিষয়টোক লৈ এতিয়া বিৰোধী ৰাজনৈতিক দলসমূহে অসন্তুষ্টি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই ইণ্ডিয়া ব্লকৰ বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ দাবী কৰিছে। এই সন্দৰ্ভত বৈঠকত প্ৰস্তাৱো গ্ৰহণ কৰা হয়। অৱশ্যে এই বিষয়ত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

মহাভিযোগৰ কাৰণ কি?

ইণ্ডি মিত্ৰজোঁটৰ বৈঠকৰ সময়ত ৰাজনৈতিক দলসমূহে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ আঁৰৰ মূল কাৰণ দেওবাৰে নিৰ্বাচন আয়ুক্তই সংবাদ মেলত দিয়া বক্তব্য বুলি ধাৰণ কৰা হৈছে। কিয়নো সংবাদমেলত মুখ্য নিৰ্বাচন আযুক্ত জ্ঞানেশ কুমাৰে কংগ্ৰেছসহ বিৰোধী ৰাজনৈতিক দলক প্ৰত্যক্ষভাৱে সকীয়নি দিছিল যে ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত উপযুক্ত তথ্য দিব লাগিব আৰু এসপ্তাহৰ ভিতৰত হলফনামা দাখিল কৰিব লাগিব।

মহাভিযোগ সন্দৰ্ভত কংগ্ৰেছ নেতাৰ মন্তব্য

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচন আয়োগৰ সংবাদমেল সন্দৰ্ভত কয়, “মুখ্য নিৰ্বাচন আয়ুক্তই বিজেপিক এই অনুৰোধ কিয় কৰা নাই? তেওঁলোকেও এক সংবাদমেল সম্বোধন কৰিছিল, কিন্তু মুখ্য নিৰ্বাচন আয়ুক্তই বিজেপিৰ সৈতে কংগ্ৰেছৰ দৰে ব্যৱহাৰ কৰা নাই। মোৰ ভাৱ হয়, মুখ্য নিৰ্বাচন আয়ুক্তৰ দ্বাৰা সংবাদ মেল সম্বোধন কৰাই এই পদটোৰ গৰিমা ম্লান কৰা হৈছে।”

মহাভিযোগৰ প্ৰস্তাৱ সন্দৰ্ভত কংগ্ৰেছৰ ৰাজ্যসভা সাংসদ ছৈয়দ নাছিৰ হুছেইনে কয়, “যদি প্ৰয়োজন হয়, তেন্নতে আমি নিয়ম অনুসৰি গণতন্ত্ৰৰ সকলো অস্ত্ৰৰ ব্যৱহাৰ কৰিম। এতিয়ালৈকে আমি মহাভিযোগৰ সম্পৰ্কে কোনো চৰ্চা কৰা নাই, কিন্তু প্ৰয়োজন হ’লে আমি যিকোনো কাম কৰিব পাৰোঁ।”

কি কৈছিল মুখ্য নিৰ্বাচন আয়ুক্তই?

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেওবাৰে সংবাদমেলত স্পষ্টকৈ কয় যে আয়োগৰ বিৰুদ্ধে তোলা ভোট চুৰিৰ দৰে মিছা অভিযোগত নিৰ্বাচন আয়োগ বা ভোটদাতা কোনেও ভয় নাখায়। লগতে তেওঁ কয়, “ৰাজনৈতিক দলৰ পঞ্জীয়ন নিৰ্বাচন আয়োগে কৰে আৰু তেওঁলোকে কাৰো পক্ষপাতিত্ব নকৰে। সকলো দলেই আয়োগৰ বাবে সমান। আমাৰ বাবে সকলো সমকক্ষ। যদি আপোনালোকে ভাবে যে কিবা বিসংগতি হৈছে, তেন্তে প্ৰমাণ দিয়ক। আমি সেয়া শুধৰণি কৰিম। কেৱল কথা ক’লে একো নহ’ব।”

কংগ্ৰেছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কি অভিযোগ তুলিছিল?

বিহাৰত যেতিয়া SIR প্ৰক্ৰিয়া আৰম্ভ হ’ল, তেতিয়া কংগ্ৰেছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে। ৰাহুল গান্ধীয়ে বহুবাৰ দাবী তুলিছে যে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰি আছে। প্ৰতিটো নিৰ্বাচনত নতুন ভোটাৰৰ দ্বাৰা আয়োগে নিৰ্বাচনত জালিয়াতি কৰিছে বুলিও ৰাহুলে অভিযোগ তুলিছিল। ইয়াৰ লগতে ভোট চুৰিৰো অভিযোগ তোলে। কৰ্ণাটক নিৰ্বাচনৰ উদাহৰণ দি ৰাহুলে নিজৰ অভিযোগক শক্তিশালী দাবী কৰে।