TV9 ASSAM
আমাৰ দেহৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহৰ ভিতৰত প্ৰটিন অন্যতম। নানা খাদ্যবস্তুত প্ৰটিন পোৱা যায়।
বিশেষজ্ঞসকলৰ মতে কণী আৰু পনীৰ প্ৰটিনৰ এক উত্তম উৎস। পিছে এই দুবিধৰ ভিতৰত কোনবিধত অধিক প্ৰটিন থাকে।
কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী। হেল্থলাইনৰ মতে এটা সিজোৱা কণীত ভিন্ন পৰিমাণত ভিটামিন,ফ’লেট, ফছফৰাছ, চেলেনিয়াম, ৭৮ কেলৰি, চৰ্বি, প্ৰটিন থাকে।
হেল্থলাইনৰ তথ্য অনুসৰি এটা ডাঙৰ সিজোৱা কণীত আন প্ৰয়োজনীয় উপাদানসমূহৰ লগতে ৬ গ্ৰাম প্ৰটিন থাকে।
হেল্থলাইনৰ তথ্য অনুসৰি আধা কাপ পনীৰত ৮১ গ্ৰাম কেলৰি, ১৪ গ্ৰাম প্ৰটিন, ৩ গ্ৰাম কাৰ্ব, ১ গ্ৰাম চৰ্বি, ভিটামিন, ছডিয়াম, চেলেনিয়াম, ফছফৰাছ আৰু কেলচিয়াম থাকে।
যদি এই দিশত বিবেচনা কৰা হয়, তেতিয়া কণীতকৈ পনীৰত অধিক প্ৰটিন থাকে বুলি প্ৰমাণিত হয়। অৱশ্যে স্বাস্থ্যৰ বাবে দুয়োবিধেই অতি উপকাৰী খাদ্য।
পঢ়িবলৈ ক্লিক কৰক
কেলচিয়ামেৰে ভৰপূৰ এইকেইবিধ ফল