চৰকাৰী কৰ্মচাৰী-পেঞ্চনাৰৰ বাবে দীপাৱলী ডাঙৰ উপহাৰ, বৃদ্ধি পাব DA !
কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলক ডাঙৰ উপহাৰ দিবলৈ সাজু হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দিপাৱলীৰ পূৰ্বে চৰকাৰে কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (DA) বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।

দীপাৱলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী-পেঞ্চনাৰসকলে ভাল খবৰ লাভ কৰিব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলক ডাঙৰ উপহাৰ দিবলৈ সাজু হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দিপাৱলীৰ পূৰ্বে চৰকাৰে কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (DA) বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।
DA বৃদ্ধিৰ কথা ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিতে ঘোষণা কৰিব পাৰে। বিশেষ কথাটো হ’ল এইবাৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি সপ্তম দৰমহা আয়োগৰ অধীনত শেষবাৰৰ বাবে হ’ব পাৰে, কাৰণ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।
DA কিমান বৃদ্ধি কৰিব পাৰে?
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৫৫% ডি এ লাভ কৰিছে যদিও এতিয়া ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে যদি ডি এ ৪% বৃদ্ধি কৰে তেন্তে ৫৯% লৈ বৃদ্ধি পাব। আনহাতে, যদি ৩% বৃদ্ধি হয়, তেন্তে ডি এ ৫৮% পোৱা যাব।
কিমান বৃদ্ধি পাব দৰমহা?
যদি DA ৩ শতাংশ বৃদ্ধি হয়, তেন্তে যিসকল কৰ্মচাৰীৰ মূল দৰমহা ১৮,০০০ টকা, তেওঁলোকে প্ৰতিমাহে ৫৪০ টকা অধিক লাভ কৰিব। আনহাতে, যিসকল পেঞ্চনাৰ বেচিক পেঞ্চন ৯০০০ টকা, তেওঁলোকে প্ৰতিমাহে ২৭০ টকা সুবিধা লাভ কৰিব। অৰ্থাৎ দীপাৱলীৰ আগতে তেওঁলোকৰ পকেটত অতিৰিক্ত ধন আহিব পাৰে।
যদিও ১ জুলাইৰ পৰা ডি এৰ নতুন হাৰ প্ৰযোজ্য বুলি বিবেচিত হ’ব, কিন্তু চৰকাৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত ঘোষণা কৰে। এনে পৰিস্থিতিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ তিনিমাহৰ বকেয়া লাভ কৰিব।
বছৰত দুবাৰকৈ ডি এ সংশোধন কৰা হয়
চৰকাৰে বছৰত দুবাৰকৈ ডিয়াৰনেছ ভাট্টা সংশোধন কৰে। প্ৰথমবাৰৰ বাবে জানুৱাৰী মাহত আৰু দ্বিতীয়বাৰৰ বাবে জুলাই মাহত। প্ৰতিবাৰেই কেইমাহমানৰ ডি এ পিছত ঘোষণা কৰা হয়, যাতে CPI-IW অৰ্থাৎ ঔদ্যোগিক শ্ৰমিকৰ বাবে গ্ৰাহক মূল্য সূচকাংকৰ(Consumer Price Index) তথ্য উপলব্ধ হয় আৰু ইয়াৰ ভিত্তিত চৰকাৰে ডিএৰ হাৰ নিৰ্ধাৰণ কৰে।
ডি এ বৃদ্ধি কৰিবলৈ চৰকাৰে লেবাৰ ব্যুৰুৱে প্ৰকাশ কৰা CPI-IW ডাটা ব্যৱহাৰ কৰে। যোৱা ১২ মাহৰ গড় CPI-IW ৰ ভিত্তিত চৰকাৰে ডি এ সলনি কৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি কৰা হয়।