‘ক্লিনিকেলি’ মৃত অমিতাভ, আৰু তাৰ পিছতেই এনে অলৌকিকতা…
কেৰিয়াৰৰ দ্ৰুত উত্থানৰ সময়তে অমিতাভ বচ্চন সন্মুখীন হৈছিল এক ভয়াৱহ পৰিস্থিতিৰ। বচ্চন পৰিয়াললৈ নামি আহিছিল অভাৱনীয় ধুমুহা। চিন্তিত হৈ পৰিছিল বিগ বিৰ অসংখ্য অনুৰাগী। এটা অনাকাংক্ষিত ঘটনাৰ পিছত চিকিৎসকে আনকি ‘ক্লিনিকেলি মৃত’ ঘোষণা কৰিছিল অমিতাভ বচ্চনক।
বলীউডৰ মহাতাৰকা, বিগ বি অমিতাভ বচ্চনক পুনৰাই পৰিচয় কৰি দিয়াৰ কোনো পাৰ্থক্যই নাই। বয়োজ্যেষ্ঠজনৰ পৰা নতুন প্ৰজন্মৰ কিশোৰ-কিশোৰীলৈ, সকলোৰে বাবে পৰিচিত অমিতাভ বচ্চন। নিজৰ অভিনয় কলাৰে তেওঁ গঢ়ি তুলিছে এই পৰিচয়। লাভ কৰিছে অনেক খ্যাতি। এই অমিতাভ বচ্চনে কেৰিয়াৰৰ প্ৰাৰম্ভিক অৱস্থাত দেখিছিল ব্যৰ্থতাৰ মুখ। কিন্তু তাৰ পিছত সফলতাৰ ধাৰা ক্ৰমাৎ উৰ্ধমুখী হৈ পৰা অমিতাভ বচ্চনে আৰু ঘূৰি চোৱা নাই পিছলৈ।
পিছে কেৰিয়াৰৰ দ্ৰুত উত্থানৰ সময়তে অমিতাভ বচ্চন সন্মুখীন হৈছিল এক ভয়াৱহ পৰিস্থিতিৰ। বচ্চন পৰিয়াললৈ নামি আহিছিল অভাৱনীয় ধুমুহা। চিন্তিত হৈ পৰিছিল বিগ বিৰ অসংখ্য অনুৰাগী। এটা অনাকাংক্ষিত ঘটনাৰ পিছত চিকিৎসকে আনকি ‘ক্লিনিকেলি মৃত’ ঘোষণা কৰিছিল অমিতাভ বচ্চনক। কিন্তু তাৰ পিছতো অলৌকিকভাৱে জীৱন ঘূৰাই পাইছিল তেওঁ। হৈ পৰিছিল বলীউডৰ ‘শ্বেহেনশ্বাহ’।