18 AUG 2025
Credits: Getty Images
TV9 ASSAM
বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ আৰু ই তেজ ফিল্টাৰ কৰাৰ কাম কৰে, কিন্তু পাথৰ থকা ৰোগীয়ে খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন।
বৃক্কত পাথৰ থাকিলে নিমখৰ পৰিমাণ কম কৰিব লাগে। কম নিমখ থকা খাদ্য খাব লাগে।
ফাষ্ট ফুড অৰ্থাৎ বাৰ্গাৰ, পিজ্জা, চাউমিন আদি খাদ্যত ছডিয়ামৰ পৰিমাণ বেছি থাকে। ইয়াৰ বাবে বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা থাকে।
পেকেটত থকা আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াত নিমখৰ পৰিমাণো বেছি থাকে। ইয়াৰ বাবে বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে।
শীতল পানীয় আৰু কেফেইন সেৱন কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে। বৃক্কত পাথৰ থাকিলে বেছিকৈ চাহ-কফি খাব নালাগে।
যদি আপোনাৰ কিডনীত পাথৰ হয় তেন্তে লগে লগে শীতল পানীয় খোৱা বন্ধ কৰক। শীতল পানীয়ত থকা ফচফৰিক এচিডে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
আমিষ খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। বৃক্কৰ পাথৰত আক্ৰান্ত ৰোগীয়ে প্ৰটিন খাব নালাগে।
চাবলৈ ক্লিক কৰক