পথৰ দুৰৱস্থাৰ পিছতো কিয় লয় টোল কৰ? প্ৰশ্ন তুলিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
শুনানিৰ সময়ত NHAIক স্পষ্টৰূপত মানুহৰ পৰা টোল লয় যদিও সেৱা নিদিয়ে বুলি উল্লেখ কৰে বি আৰ গাভাইয়ে। শুনানিত শীৰ্ষ আদালতে লগতে পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই টোল সংগ্ৰহৰ বাবেও কঠোৰ স্থিতি লয়।

দেশৰ ৰাজধানী দিল্লী। পিছে এজাক মাত্ৰ বৰষুণতে শোচনীয় হৈ পৰে দিল্লীৰ অৱস্থা। বাট–পথৰ দুৰৱস্থাই জুৰুলা কৰি তোলে দিল্লীবাসীক। মাত্ৰ এজাক বৰষুণতে দিল্লীৰ বাট–পথ ডুব যায় কৃত্ৰিম বানত। ঘণ্টাজুৰি তীব্ৰ যান-জঁটত আবদ্ধ হৈ পৰে সাধাৰণ লোকসকল। শেহতীয়া সময়োছোৱাত দিল্লীৰ এই দুৰৱস্থাৰ ছবি প্ৰায়েই পোহৰলৈ আহিছে। ৰাজধানী দিল্লী বাট–পথৰ এই শোচনীয় অৱস্থাক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়েও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন তুলিছে।
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, চমুকৈ NHAIৰ এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকী দিল্লীৰ পথৰ অৱস্থা আৰু টোলকৰ সন্দৰ্ভত যথেষ্ট সৰৱ হৈ পৰে। কেন্দ্ৰীয় সংস্থাটোৱে মানুহৰ পৰা টোল কৰ লয় যদিও সেৱা আগনবঢ়ায় বুলি উল্লেখ কৰে। দুঘণ্টা বৰষুণ হ’লেই সমগ্ৰ দিল্লী চহৰ বিশৃংখল হৈ পৰে বুলিও তেওঁ মন্তব্য কৰে।
বৰষুণৰ মাজত দিল্লীৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে দিল্লী দেশৰ ৰাজধানী, তথাপিও দুঘণ্টাৰ বৰষুণত সমগ্ৰ দিল্লী বিশৃংখল হৈ পৰে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত বৰষুণত দিল্লীৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে।
শুনানিৰ সময়ত NHAIক স্পষ্টৰূপত মানুহৰ পৰা টোল লয় যদিও সেৱা নিদিয়ে বুলি উল্লেখ কৰে বি আৰ গাভাইয়ে। শুনানিত শীৰ্ষ আদালতে লগতে পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই টোল সংগ্ৰহৰ বাবেও কঠোৰ স্থিতি লয়। পথৰ অৱস্থা বেয়া আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ পিছতো কিয় টোল টেক্স সংগ্ৰহ কৰা হৈছে বুলি প্ৰশ্ন কৰে আদালতে।
লক্ষণীয়ভাৱে ৪ সপ্তাহৰ বাবে এনে এক বিষয়ত কেৰালা উচ্চ ন্যায়ালয়ে টোল সংগ্ৰহ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। এডাপল্লী-মনুথী পথৰ সঠিক ৰক্ষণাবেক্ষণ কৰা হোৱা নাই আৰু নিৰ্মাণকাৰ্যত পলম হোৱাৰ বাবে বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে বুলি আঙুলিয়াই দি এই ৰায় দিছিল আদালতে। জনসাধাৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত আদালতে ১ মাহৰ বাবে টোল সংগ্ৰহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।