শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিভাজনৰ বাবে ‘দায়ী’ কংগ্ৰেছ... NCERTৰ নতুন পাঠ্যক্ৰমক লৈ বিতৰ্ক

বিভাজনৰ বাবে ‘দায়ী’ কংগ্ৰেছ… NCERTৰ নতুন পাঠ্যক্ৰমক লৈ বিতৰ্ক

trishna-kalita
Trishna Kalita | Updated On: 17 Aug 2025 21:51 PM

নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বিভাজনৰ এটা অধ্যায়ত কোৱা হৈছে যে এইটো কোনো এজন ব্যক্তিৰ মগজুৰ সৃষ্টি নহয় । জিন্নাই দেশ বিভাজন কৰিব বিচাৰিছিল। কংগ্ৰেছে সেই কথাত সন্মতি দিলে।

পুনৰ পাঠ্যক্ৰম বিতৰ্কত সোমাই পৰিছে NCERT। এক নতুন অধ্যায় সংযোজনক লৈ দেশৰ ৰাজনীতিত জুই সূত্ৰপাত হোৱা দেখা গৈছে। এইবাৰ বিভাজনৰ বাবে কংগ্ৰেছক ‘দায়ী’ হিচাপে গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে NCERTৰ বিৰুদ্ধে।এই নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বিভাজনৰ এটা অধ্যায়ত কোৱা হৈছে যে এইটো কোনো এজন ব্যক্তিৰ মগজুৰ সৃষ্টি নহয় । জিন্নাই দেশ বিভাজন কৰিব বিচাৰিছিল। কংগ্ৰেছে সেই কথাত সন্মতি দিলে। শেষত লৰ্ড মাউণ্টবেটেনে এই বিভাজন প্ৰণয়ন কৰে। ইয়াৰ উপৰিও সেই অধ্যায়ত এইটোও দাবী কৰা হৈছে যে এই বিভাজনে কাশ্মীৰক সকলো সুৰক্ষাক বিপদাপন্ন কৰি তুলিছিল।

NCERT উৎসসমূহৰ মতে, বিভাজনৰ এই নতুন ‘বিৱৰণ’ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ যোগ কৰা হৈছে । য’ত নিয়মীয়া পাঠ্যপুথিৰ বাহিৰত ৬-৮ আৰু ৯-১২ শ্ৰেণীৰ বাবে পৃথক সংস্কৰণ প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও ১৯৪০ চনত লাহোৰ প্ৰস্তাৱত জিন্নাই কৰা মন্তব্য, “হিন্দু আৰু মুছলমান, দুখন ভিন্ন গাঁও, বেলেগ বেলেগ মতাদৰ্শ, বেলেগ বেলেগ সামাজিক নীতিৰ মানুহ”।  এই অংশটো সংযোজন কৰা হৈছে।