18 AUG 2025
TV9 ASSAM
যেতিয়া যকৃতত চৰ্বি জমা হয় তেতিয়া ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়। ই যকৃতৰ কাম-কাজত প্ৰভাৱিত কৰে। ইয়াৰ ফলত যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।
আজিকালি বহুতৰে ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায়। সুৰাপান, খাদ্য ধূমপান, মেদবহুলতা, ব্যায়াম নকৰা আদিৰ ফলত এই সমস্যা বিশেষকৈ হয়।
ফেটি লিভাৰ হলে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াক আওকান কৰিব নালাগে। গতিকে সময়মতে ইয়াক চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
ডাঃ সুভাষ গিৰীয়ে কয় যে, পুৱা উঠাৰ সময়ত পেটৰ সোঁফালে সামান্য বিষ বা গধুৰ অনুভৱ হোৱা ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যকৃতত চৰ্বি জমা হোৱাৰ ফলত ফুলি যায় যাৰ বাবে বিষ হয়।
পুৱা শুই উঠাৰ পাছত ভাগৰ অনুভৱ বা এলাহ লগা এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যেতিয়া যকৃতে ভালদৰে ডিটক্স কৰিব নোৱাৰো তেতিয়া শৰীৰ গধুৰ আৰু ভাগৰুৱা লাগিব পাৰে।
ফেটি লিভাৰত কিছুমানৰ ওজন বৃদ্ধি আৰু কিছুমানৰ কম হোৱা দেখা যায়। একো বিশেষ কাম নকৰাৰ ফলতো যদি এনে সমস্যা হয় তেন্তে ই ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।
পুৱা শুই উঠাৰ পাছতে ভোক নলগা বা সামান্য বুকুখন জলা পোৰা লাগিব পাৰে। যকৃতত চৰ্বি জমা হ'লে পাচনতন্ত্ৰ প্ৰভাৱিত হয়, যাৰ ফলত এনে সমস্যাৰ সৃষ্টি হয়।
পঢ়িবলৈ ক্লিক কৰক