শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছত্তীশগড়ত ভয়ংকৰ নক্সাল আক্ৰমণঃ IED বিস্ফোৰণত এজন জোৱান শ্বহীদ, আহত তিনি জোৱান

বিস্ফোৰণত DRG দলৰ জোৱান দীনেশ নাগ শ্বহীদ হোৱাৰ বিপৰীতে আন তিনিজন জোৱান আহত হয়। আহত জোৱানকেইজনৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

ছত্তীশগড়ত ভয়ংকৰ নক্সাল আক্ৰমণঃ IED বিস্ফোৰণত এজন জোৱান শ্বহীদ, আহত তিনি জোৱান
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 18 Aug 2025 10:44 AM

বিগত সময়ছোৱাত নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে শেহতীয়া কিছুদিনত নক্সালবাদৰ বিৰুদ্ধে জোৰদান অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণ নিঃশেষ কৰা হ’ব বুলিও হুংকাৰ দিছে। কেন্দ্ৰৰ এনে অভিযানৰ মাজতো পিছে সক্ৰিয় হৈ আছে নক্সাল বিদ্ৰোহ। ছত্তীশগড়ত পুনৰ নক্সাল বিদ্ৰোহীয়ে সংঘটিত কৰিছে ভয়ংকৰ বিস্ফোৰণ।

ৰাজ্যখনৰ বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত নক্সালবাদীয়ে সংঘটিত কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (IED) বিস্ফোৰণত এজন জোৱান নিহত হোৱাৰ লগতে আন তিনিজন জোৱান আহত হয়। জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সদৰী কৰা মতে, বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (DRG) দলৰ নক্সাল বিৰোধী অভিযানৰ সময়ত পুৱা এই বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণত DRG দলৰ জোৱান দীনেশ নাগ শ্বহীদ হোৱাৰ বিপৰীতে আন তিনিজন জোৱান আহত হয়। আহত জোৱানকেইজনৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে। প্ৰাথমিক চিকিৎসাৰ পিছত জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে জোৱানকেইজনৰ অপাৰেচন সম্পন্ন হ’ব আৰু তাৰ পিছতহে বিতং তথ্য প্ৰদান কৰা হ’ব।

ইতিপূৰ্বে ১৪ আগষ্টত ছত্তীশগড়ৰ মহলা-মানপুৰ-আম্বগড় চৌকী জিলাত নিৰাপত্তা বাহিনীৰ অভিযানত দুজন নক্সাল কেডাৰ নিহত হৈছিল। ছত্তিশগড় আৰক্ষী, ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচৰ (ITBP) ২৭ নং বাহিনীয়ে এই যৌথ অভিযান চলাইছিল। ITBP- এ এক বিবৃতি যোগে এই সফলতাৰ কথা সদৰী কৰিছিল।

এই অভিযানত নিহত কেডাৰ দুজনক বিজয় ৰেড্ডী আৰু লোকেশ চালামে বুলি চিনাক্ত কৰা হৈছিল। লক্ষণীয়ভাৱে বিজয় ৰেড্ডীৰ বাবে ৯০ লাখ টকা আৰু চালামেৰ বাবে ৬ লাখ টকা শিৰৰ মূল্য নিৰূপণ কৰিছিল প্ৰশাসনে। অভিযানস্থলীৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰৰ লগতে নক্সাল সম্পৰ্কীয় অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছিল।