শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘পদোন্নতি’ৰে উপ-ৰাষ্ট্ৰপতিৰ দৌৰত ৰাধাকৃষ্ণনঃ ৯৩ দিনীয়া ৰথযাত্ৰাই দিবনে ফল!

সম্প্ৰতি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দায়িত্বত আছে। বিগত বৰ্ষৰ ৩১ জুলাইত তেওঁ মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। পিছে এই কাৰ্যকালৰ এবছৰ হওঁতেই পদোন্নতি ঘটে চন্দ্ৰপুৰম পান্নুছামি ৰাধাকৃষ্ণনৰ।

‘পদোন্নতি’ৰে উপ-ৰাষ্ট্ৰপতিৰ দৌৰত ৰাধাকৃষ্ণনঃ ৯৩ দিনীয়া ৰথযাত্ৰাই দিবনে ফল!
এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰাধাকৃষ্ণনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 18 Aug 2025 12:36 PM

অহা ৯ ছেপ্টেম্বৰত দেশৰ উপ-ৰাষ্ট্ৰপতি পদ পূৰণৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে সন্ধিয়া দেশৰ শাসকীয় মিত্ৰজোঁট এন ডি এই উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। যোৱা ২১ জুলাইত জগদীপ ধনখড়ে আকস্মিকভাৱে উপ-ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিছিল। এতিয়া এন ডি এই ধনখড়ৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। দেওবাৰে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই ৰাধাকৃষ্ণনৰ নাম উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

সম্প্ৰতি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দায়িত্বত আছে। বিগত বৰ্ষৰ ৩১ জুলাইত তেওঁ মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। পিছে এই কাৰ্যকালৰ এবছৰ হওঁতেই পদোন্নতি ঘটে চন্দ্ৰপুৰম পান্নুছামি ৰাধাকৃষ্ণনৰ। ইতিপূৰ্বে তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল।

লগতে তেওঁ তেলেংগানা আৰু পুডুচেৰীতো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ১৯৫৭ চনৰ ২০ অক্টোবৰত তামিলনাডুৰ তিৰুপপুৰত জন্ম হৈছিল ৰাধাকৃষ্ণনৰ। উচ্চ শিক্ষা গ্ৰহণৰ সময়ৰ পৰাই সংঘ পৰিয়ালত যোগদান কৰি তেওঁ তৃণমূল পৰ্যায়ত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

ৰাধাকৃষ্ণন ১৯৭৪ চনত আৰ এছ এছৰ অন্তৰ্গত ভাৰতীয় জন সংঘৰ তামিলনাডু ৰাজ্যিক সমিতিৰ সদস্য হয়। ইয়াৰ পিছত ১৯৯৬ চনত তেওঁ বিজেপিৰ তামিলনাডু প্ৰদেশ শাখাৰ সম্পাদক হয়। ৰাধাকৃষ্ণনে দুবাৰকৈ লোকসভালৈও মনোনীত হৈছে। তাৰ পিছত তেওঁ সংসদীয় সমিতিৰ সদস্য হয়।

উল্লেখ্য যে ৰাধাকৃষ্ণনে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। এই সময়ছোৱাত তেওঁ ৯৩ দিনীয়া ১৯ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰথ যাত্ৰাও সম্পূৰ্ণ কৰে। দক্ষিণৰ ৰাজনীতিত প্ৰায় নজিৰবিহীন এনে পদক্ষেপেৰে তেওঁ ব্যাপক চৰ্চা লাভ কৰিছিল।