পুটিন আহিব ভাৰতলৈ, নতুন দিল্লীত কিদৰে কৰা হৈছে নিৰাপত্তা ব্যৱস্থা?
পুটিনৰ নিৰাপত্তাৰ স্তৰ ইমানেই কটকটীয়া কৰা হৈছে যে দিল্লীক দুদিনৰ বাবে বিশ্বৰ আটাইতকৈ সুৰক্ষিত ৰাজধানীৰ ভিতৰত স্থান দিয়া হ’ব। দিল্লী আৰক্ষী, কেন্দ্ৰীয় নিৰাপত্তা সংস্থা, আৰু ৰাছিয়াৰ নিজা উন্নত নিৰাপত্তা দলে একেলগে কাম কৰি চহৰখনক বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থালৈ ৰূপান্তৰিত কৰিছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ৪ ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব আৰু এই হাইপ্ৰফাইল ভ্ৰমণৰ পূৰ্বে ৰাজধানী দিল্লীত নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা কৰা হৈছে। ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব পুটিনে, আৰু নিৰাপত্তাজনিত কাৰণত তেওঁ দিল্লীত থকা ঠাই সম্পৰ্কে গোপনে ৰখা হৈছে।
কিন্তু তেওঁৰ নিৰাপত্তাৰ স্তৰ ইমানেই কটকটীয়া কৰা হৈছে যে দিল্লীক দুদিনৰ বাবে বিশ্বৰ আটাইতকৈ সুৰক্ষিত ৰাজধানীৰ ভিতৰত স্থান দিয়া হ’ব। দিল্লী আৰক্ষী, কেন্দ্ৰীয় নিৰাপত্তা সংস্থা, আৰু ৰাছিয়াৰ নিজা উন্নত নিৰাপত্তা দলে একেলগে কাম কৰি চহৰখনক বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থালৈ ৰূপান্তৰিত কৰিছে। ইতিমধ্যে ৰাছিয়াৰ নিৰাপত্তা প্ৰট’কল দলৰ ৫০জনৰো অধিক বিষয়া দিল্লীত উপস্থিত হৈছে। আহক পুটিনৰ নিৰাপত্তাৰ সৈতে জড়িত সবিশেষ জানি লওঁ।
কোনবোৰ সংস্থাই পুটিনৰ নিৰাপত্তাৰ কাম চম্ভালে?
ৰাছিয়াৰ ফেডাৰেল প্ৰটেক্টিভ চাৰ্ভিচ (এফ এছ অ’) পুটিনৰ নিৰাপত্তাৰ বাবে মূলতঃ দায়বদ্ধ। এই এজেন্সীয়ে তেওঁৰ চাৰিওফালে অভেদ্য ঢাল গঠন কৰে। ইয়াত ৫০,০০০ৰো অধিক কৰ্মী, স্নাইপাৰ, ইলেক্ট্ৰনিক যুদ্ধ দল, চাইবাৰ সুৰক্ষা ইউনিট, আৰু কুইক ৰিয়েকচন ফ’ৰ্চ অন্তৰ্ভুক্ত কৰা হৈছে।
এফ এছ অ’ৰ আটাইতকৈ অভিজাত ইউনিট হৈছে Presidential Security Service (SBP), য’ত পুটিনৰ ব্যক্তিগত দেহৰক্ষী দল জাছলন আছে। এই দেহৰক্ষীসকল বিশেষ বাহিনী বা পেৰাট্ৰুপাৰ শ্ৰেণীৰ কমাণ্ডো, ৬ ফুটতকৈও ওখ, আৰু যিকোনো ভাবুকিৰ প্ৰতি ০.৫ ছেকেণ্ডত সঁহাৰি জনাব পাৰে।
তিনি তৰপীয়া নিৰাপত্তা, পুটিনৰ সুৰক্ষামূলক ঢাল
পুটিনৰ আশে-পাশে থকা নিৰাপত্তা তিনিটা স্তৰত বিভক্ত। প্ৰথম স্তৰটোত ৬-৮ জন দেহৰক্ষী থাকে যি তেওঁৰ একেবাৰে থাকে। দ্বিতীয় স্তৰটো হৈছে ২৫-৪০ জনীয়া, য’ত এপিএছ পিষ্টল, পিপি-২০০০ চাবমেচিনগান, নাইট ভিজন, আৰু থাৰ্মেল স্ক্যানাৰ আছে। তৃতীয় স্তৰটো হৈছে ১০০-১৫০ জন লোকৰ দ্বাৰা গঠিত, য’ত স্নাইপাৰ, কে-৯ ইউনিট, ড্ৰ’ন কাউণ্টাৰ দল আৰু নিৰীক্ষণকাৰী দল আছে।
পুটিনৰ গাড়ী আৰু মটৰকেড
পুটিনৰ অৰাছ চেনেট লিমো বিশ্বৰ অন্যতম নিৰাপদ বাহন। ৬ টন ওজনৰ এই বুলেটপ্ৰুফ গাড়ীখন গেছ, ৰাসায়নিক আক্ৰমণ, বোমা বিস্ফোৰণৰ পৰা সুৰক্ষিত। ভিতৰত অক্সিজেন সমৰ্থন আৰু মেডিকেল কিট উপলব্ধ। মটৰকেডত আছে জেমাৰ বাহন, কমাণ্ড-কণ্ট্ৰল গাড়ী, এম্বুলেন্স, আৰু এটা কাউণ্টাৰ এছাল্ট টিম।
পুটিনৰ ভ্ৰমণৰ সময়ত সমগ্ৰ অঞ্চলটোত মোবাইল নেটৱৰ্ক ব্লেকআউট, ড্ৰ’ন জামিং, ৰেডিঅ’ ফ্ৰিকুৱেন্সি স্কেন আদি উচ্চ প্ৰযুক্তিৰ নিৰাপত্তা ব্যৱস্থা স্থাপন কৰা হয়। তেওঁৰ স্থান সদায় আৱৰি ৰখা হয়, আৰু যিকোনো সম্ভাৱ্য ভাবুকি তৎক্ষণাত নিৰীক্ষণ কৰা হয়।
বিদেশ ভ্ৰমণৰ সময়ত বিশেষ প্ৰট’কল
যেতিয়া পুটিনে বিদেশ ভ্ৰমণ কৰে তেতিয়া তেওঁৰ দলটোৱে হোটেল আৰু ইভেণ্টৰ স্থান সম্পূৰ্ণৰূপে সুৰক্ষিত কৰে। হোটেলৰ মজিয়া এফ এছ অ’ৰ নিয়ন্ত্ৰণত থাকে, আৰু কোঠা আৰু পাকঘৰসমূহ ভালদৰে পৰিদৰ্শন কৰা হয়। তেওঁৰ খাদ্য ত্ৰিগুণ পৰীক্ষা কৰা হয়, আৰু তেওঁ কেতিয়াও বাহিৰত নাখায়। উচ্চ অট্টালিকা আৰু ছাদত স্নাইপাৰ আৰু কাউণ্টাৰ এছাল্ট দল নিয়োগ কৰা হয়। তেওঁৰ সৈতে এটা চিকিৎসকৰ দল আৰু তিনিখন চিকিৎসালয় সদায় সষ্টম হৈ থাকে।