কেতিয়া অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন? আৰম্ভ হ’ল নিৰ্বাচনী প্ৰস্তুতি
জগদীপ ধনখড়ৰ পদত্যাগৰ পাছতে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। এক বিবৃতি প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ সম্পৰ্কীয় প্ৰস্তুতি আৰম্ভ কৰা কথা সদৰী কৰিছে নিৰ্বাচন আয়োগে।

কম সময়ৰ ভিতৰতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব পাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সূচী। ইতিমধ্যে জগদীপ ধনখড়ৰ পদত্যাগৰ পাছতে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। এক বিবৃতি প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ সম্পৰ্কীয় প্ৰস্তুতি আৰম্ভ কৰা কথা সদৰী কৰিছে নিৰ্বাচন আয়োগে।
প্ৰস্তুতিমূলক কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হ’ব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিবৃতি কোৱা হৈছে যে, ভাৰতৰ নিৰ্বাচন আয়োগক ৩২৪ অনুচ্ছেদৰ অধীনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ নিৰ্বাচন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ আৰু ইয়াৰ অধীনত প্ৰণয়ন কৰা নিয়ম অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন বিধি, ১৯৭৪ৰ দ্বাৰা পৰিচালিত হয়। সেই অনুসৰি ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ সম্পৰ্কীয় প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰস্তুতিমূলক কাম-কাজ সমাপ্ত হোৱাৰ পিছত অতি সোনকালে ঘোষণা কৰা হ’ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী সূচী।
Election Commission of India starts preparations relating to the Vice-Presidential Elections, 2025.
On completion of the preparatory activities, the announcement of the Election Schedule to the office of the Vice-President of India will follow as soon as possible, says Election… pic.twitter.com/44DUFeYC7F
— ANI (@ANI) July 23, 2025
ইফালে, প্ৰকাশিত খবৰ অনুসৰি, ভাৰতীয় নিৰ্বাচন আয়োগে অহা ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে । জগদীপ ধনখড়ৰ পদত্যাগৰ ফলত উদ্ভৱ হোৱা প্ৰয়োজনীয়তা আৰু নিৰ্দেশনা অনুসৰি আগষ্ট মাহৰ শেষৰ সপ্তাহৰ ভিতৰত নতুন উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, সংবিধানৰ ৬৮(২) অনুচ্ছেদ অনুসৰি পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বুলি কোনো নিৰ্দিষ্ট সময়সীমা নাই। এই বিধানত নিৰ্দেশ দিয়া হৈছে যে, নিৰ্বাচন “যথাসম্ভৱ সোনকালে” অনুষ্ঠিত কৰা হ’ব। নিৰ্বাচন আয়োগে জনোৱা মতে, গৃহ মন্ত্ৰালয়ে আয়োগক জগদীপ ধনখড়ৰ পদত্যাগ কথা আনুষ্ঠানিকভাৱে জনোৱাৰ লগে লগে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। অতি সোনকালে নিৰ্বাচনৰ প্ৰয়োজনীয়তাৰ কথা সূচাই আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে।
১৯৫২ চনৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন অনুসৰি এবাৰ অধিসূচনা জাৰি কৰাৰ পিছত নিৰ্বাচন আয়োগে মনোনয়ন, তদন্ত, প্ৰত্যাহাৰ, ভোটগ্ৰহণ, আৰু গণনাকে ধৰি প্ৰক্ৰিয়াটো সৰ্বাধিক ৩২ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বাধ্যতামূলক কৰা হয়। সেই অনুসৰি ২০২৫ চনৰ আগষ্ট মাহৰ শেষৰ ফালে ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অধিসূচনাৰ ১৪ দিনৰ ভিতৰত মনোনয়ন পত্ৰ জমা দিব লাগিব।