শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জংঘলৰ মাজত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ , ৫ জন নিহত, আহত হৈছে আন দুজন লোক

উত্তৰাখণ্ডৰ গংগানীত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ। ইয়াৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে, এই দুৰ্ঘটনাত আহত হৈছে আন দুজন। জানিব পৰা মতে এইখন  ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰ এৰো ট্ৰিংক আছিল।

জংঘলৰ মাজত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ , ৫ জন নিহত, আহত হৈছে আন দুজন লোক
উত্তৰাখণ্ডত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ
trishna-kalita
Trishna Kalita | Published: 08 May 2025 12:18 PM

উত্তৰাখণ্ডৰ উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। গংগানি অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে হেলিকপ্টাৰখনত ৭ জন যাত্ৰী আছিল, ইয়াৰে ৫ জনৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে আন দুজন লোক।  ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।

উত্তৰাখণ্ডত চলি আছে চাৰ ধাম যাত্ৰা। তাৰ মাজতে সংঘটিত হয় এই শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাটো। অৱশ্যে  এইখন হজযাত্ৰীৰ হেলিকপ্টাৰ নে আন হেলিকপ্টাৰ আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ দলে উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হয়। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। তথ্য অনুসৰি হেলিকপ্টাৰখনত ৭ জন যাত্ৰী আছিল। কোৱা হৈছে যে এইখন ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰ এৰো ট্ৰিংক আছিল। দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে সেনা বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা কিউআৰটি, ১০৮ এম্বুলেন্স বাহন, তহচিলদাৰ ভটোৱাদী, বিডিঅ’ ভাটোৱাদী আৰু ৰাজহ দল।

উত্তৰকাশী জিলা সদৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত গংগানীত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনা হোৱা স্থান পাহাৰীয়া আৰু দুৰ্গম হোৱাৰ বাবে উদ্ধাৰকাৰী দল উপস্থিত হ’বলৈ কিছু সময় লাগিছিল। গংগানীৰ সমীপৰ হাবিত দুৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন। উত্তৰকাশী জিলা প্ৰশাসনে নিশ্চিত কৰিছে যে গংগানীৰ সমীপৰ জংঘলত  দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন হেলিকপ্টাৰ। চাৰ ধাম যাত্ৰাৰ দুখন পবিত্ৰ স্থান যমুনোত্ৰী আৰু গংগোত্ৰী উত্তৰকাশী জিলাত অৱস্থিত। এইবাৰ যমুনোত্ৰীৰ বাবে নতুন হেলিপেড নিৰ্মাণ কৰা হৈছে, য’ৰ পৰা তীৰ্থযাত্ৰীসকলে চাৰিওখন ধামলৈ উৰা মাৰিব পাৰিব। বৰ্তমান সয়মত বেয়া হৈ আছে উত্তৰাখণ্ডৰ বতৰ।

শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ধামীয়ে

ইফাে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। এক্সত পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- “উত্তৰকাশীৰ গংগানীৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত একাংশ লোক নিহত হোৱাৰ এক অতি দুখৰ খবৰ লাভ কৰিছোঁ।  সাহায্য আৰু উদ্ধাৰ কামৰ বাবে লগে লগে সেই স্থানত উপস্থিত হৈছে SDRF আৰু জিলা প্ৰশাসনৰ দল। দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাক ভগৱানে শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। আহতসকলক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰি দুৰ্ঘটনাটোৰ তদন্ত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত মই অহৰহ বিষয়াসকলৰ সৈতে যোগাযোগত আছো আৰু প্ৰতিটো পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।”