শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নৱাব সিং যাদৱে সংঘটিত কৰিছিল জঘন্য কাণ্ড, DNA ৰিপোৰ্টত ভয়ংকৰ তথ্য

যেতিয়া নেতাগৰাকীয়ে কিশোৰীগৰাকীক ধৰ্ষণ, অমানুষিক অত্যাচাৰ চলাই আছিল তেতিয়া পেহীয়েক বাহিৰৰ কোঠাত বহি আছিল। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিতেই পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পেহীয়েকক।

নৱাব সিং যাদৱে সংঘটিত কৰিছিল জঘন্য কাণ্ড, DNA ৰিপোৰ্টত ভয়ংকৰ তথ্য
কন্নৌজ কাণ্ড
Barasha Sarma
Barasha Sarma | Published: 02 Sep 2024 16:10 PM

উত্তৰ প্ৰদেশৰ কন্নৌজত কিশোৰী ধৰ্ষণ কাণ্ডৰ এক নতুন তথ্য পোহৰলৈ আহিছে। ধৰ্ষণৰ অভিযুক্ত তথা সমাজবাদী পাৰ্টিৰ নেতা নৱাব সিং যাদৱৰ DNA ৰ নমুনা ভুক্তভোগীৰ দেহৰ পৰা সংগ্ৰহ কৰা নমুনাৰ সৈতে মিল খাইছে। ইয়াৰ লগে লগে ভুক্তভোগী কিশোৰীগৰাকীয়ে সমাজবাদী পাৰ্টিৰ নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে। কিশোৰী ধৰ্ষণৰ এই গোচৰৰ অধীনত যোৱা ১১ আগষ্টত আৰক্ষীয়ে নবাব সিং যাদৱক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছতেই অভিযুক্তৰ ডি এন এৰ নুমনা পৰীক্ষালৈ প্ৰেৰণ কৰিছিল, যি এতিয়া পজিটিভ আহিছে।

ভুক্তভোগী কিশোৰীগৰাকীয়ে তেওঁৰ লগত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ কথা আৰক্ষীৰ ওচৰত খুলি কৈছিল। তাৰ পাছতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত। যেতিয়া কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় তেতিয়া কিশোৰীগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত হোৱা বুলি প্ৰমাণ হৈছিল। তাৰ মাজতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নৱাব সিং যাদৱক।

এই ধৰ্ষণ কাণ্ডত আৰক্ষীয়ে ভুক্তভোগীৰ পেহীয়েককো অভিযুক্ত বুলি কৈছে। অভিযোগ অনুসৰি নৱাব সিং যাদৱৰ ওচৰত কিশোৰীগৰাকীক তেওঁৰ পেহীয়েকে লৈ গৈছিল। যেতিয়া নেতাগৰাকীয়ে কিশোৰীগৰাকীক ধৰ্ষণ, অমানুষিক অত্যাচাৰ চলাই আছিল তেতিয়া পেহীয়েক বাহিৰৰ কোঠাত বহি আছিল। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিতেই পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পেহীয়েকক।

ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰক্ষীক জনাই যে, নৱাব সিং যাদৱে তেওঁক তিৰৱাৰ চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভন দিছিল। সেই প্ৰলোভনত পৰি কিশোৰীগৰাকী নিশা প্ৰায় ১১ মান বজাত চৌধুৰী চন্দন সিং মহাবিদ্যালয়লৈ গৈছিল আৰু তাতেই সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনা। তাৰ পাছতে কিশোৰীগৰাকীয়ে পেহীয়েকৰ ফোনেৰে আৰক্ষীক খবৰ দি ঘটনাৰ সবিশেষ জনাইছিল। উল্লেখ কৰা প্ৰয়োজন যে,  আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ এক ভিডিঅ’ পোহৰলৈ আহিছে য’ত নৱাব সিং যাদৱক আপত্তিজনক পৰিস্থিতিত দেখা যায়।

অভিযুক্ত পেহীয়েকে প্ৰথমে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ অভিযোগ উত্থাপন কৰি কৈছিল যে, সমাজবাদী পাৰ্টিৰ নেতাগৰাকী ষড়যন্ত্ৰৰ বলি হৈছে। পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে মহিলাগৰাকীয়ে নৱাব সিঙক ৭ বছৰ ধৰি চিনি পাইছিল। ইয়াৰ বিপৰীতে বিজেপি নেতা- কৰ্মীসকলে অভিযোগ কৰিছিল যে নৱাব সিং যাদৱ অখিলেশ যাদৱৰ ঘনিষ্ঠ। উল্লেখ কৰা প্ৰয়োজন যে, এই ধৰ্ষণ কাণ্ডৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।  এতিয়া নৱাব সিং যাদৱৰ বিৰুদ্ধে সকলো অভিযোগৰ প্ৰমাণ লাভ কৰাৰ পাছত আৰক্ষীয়ে পৰৱৰ্তী ব্যৱস্থা কি লয় সেয়া হ’ব লক্ষণীয়।