শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাইৰেল Video! দুখ, ক্ষোভ ব্যক্ত কৰি কিয় যুৱকে ল’লে চৰম পন্থা? কৈ গ’ল সকলো কথা…

মোৰ লগত যি যি অত্যাচাৰ হৈছে সেয়া মই প্ৰকাশ কৰিব নোৱাৰো। কোনোৱে বুজিও নাপাব মোৰ লগত কি হৈছে। সেয়ে মই আত্মহত্যা কৰিবলৈ ওলাইছো। বন্ধু, বেয়া চৰিত্ৰৰ যুৱতীৰ লগত কেতিয়াও বিয়া নহ'বা।

ভাইৰেল Video! দুখ, ক্ষোভ ব্যক্ত কৰি কিয় যুৱকে ল’লে চৰম পন্থা? কৈ গ’ল সকলো কথা…
যুৱকজন
Barasha Sarma
Barasha Sarma | Updated On: 03 Sep 2024 13:16 PM

দেশত সংঘটিত হোৱা বিভিন্ন অপৰাধমূলক ঘটনাৰ লগতে আত্মহত্যাৰ ঘটনাও বৃদ্ধি পাইছে। কিশোৰৰ পৰা বৃদ্ধলৈ, একাংশই মানসিক কষ্টত ভুগি আত্মহত্যাৰ দৰে চৰম  পন্থা গ্ৰহণ কৰা দেখা যায়। এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত এজন ব্য়ক্তিয়ে ভিডিঅ’ বনাই আত্মহত্যা কৰে। যুৱকজনৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ কৈছে- বন্ধু কেতিয়াও বিয়া নাপাতিবা। ভিডিঅ’ সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈকে মৃত্যু হৈছিল যুৱকজনৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ লোনীত।

মৃত যুৱকজনৰ নাম জগজিৎ সিং ৰানা। জানিব পৰা মতে, লোনিৰ অংকুৰ বিহাৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে আত্মহত্যা কৰাৰ পূৰ্বে জগজিৎ সিঙে এটা ভিডিঅ’ বনাই হোৱাটছএপৰ জৰিয়তে বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰিছিল। এই ভিডিঅ’টোত দেখা গৈছিল যে যুৱকজনে ডিঙিত ফাঁচীৰ ৰচী লগাই থৈছে। তেনেকৈয়ে তেওঁ কৈছে-  মই আত্মহত্যা কৰিবলৈ ওলাইছো। ইয়াৰ বাবে মোৰ পত্নী আৰু তেওঁৰ পৰিয়ালবৰ্গ জগৰীয়া। সম্পূৰ্ণ সচেতনতাৰে মই এই ভিডিঅ’ প্ৰস্তুত কৰিছো। মোৰ জীৱন বিপদত পৰিছে।

তেওঁ কয়, মোৰ পত্নী, শহুৰৰ ঘৰ, পত্নীৰ ভগ্নী, পত্নীৰ সম্পৰ্কী, লোকসকলে মোক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে। শহুৰৰ পৰিয়াল আৰু পত্নীয়ে এনে কিছুমান অভিযোগ তুলিছে যি মই সহ্য কৰিব নোৱাৰো। মোৰ শহৰৰ ঘৰ ছিকন্দৰবাদ জিলাৰ বুলন্দ চহৰত।  অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তেওঁৰ শহুৰেকৰ নাম ব্রিজেশ কুমাৰ সোলাংকি , আন এজন আত্মীয়ৰ নাম শিৱম সোলাংকি,পত্নীৰ নাম উমাকান্ত ওৰফে গুডিয়া, শাহুৱেকৰ নাম কুসুম দেৱী । ইয়াৰ লগতে পত্নীৰ ভনীয়েকে মিলি তেওঁক অত্যাচাৰ কৰা বুলি কয়।

যুৱকজনে কয় যে, মোৰ লগত যি যি অত্যাচাৰ হৈছে সেয়া মই প্ৰকাশ কৰিব নোৱাৰো। কোনোৱে বুজিও নাপাব মোৰ লগত কি হৈছে। সেয়ে মই আত্মহত্যা কৰিবলৈ ওলাইছো। বন্ধু, বেয়া চৰিত্ৰৰ যুৱতীৰ লগত কেতিয়াও বিয়া নহ’বা।

যুৱকজনে ভিডিঅ’টোত আৰক্ষী প্ৰশাসনক আটাইকেইজন দোষীক কঠোৰতম শাস্তি দিবলৈ আহ্বান জনাই আৰু তেওঁৰ সম্পত্তিৰ সামান্য অংশও কাকো দিব নালাগে বুলি কয় । তেওঁ কয়, আমাৰ সন্তান কেইটি মোৰ নহ’বও পাৰে কিন্তু সেই  সকলো সা- সম্পত্তি সন্তানকে দিব।। ইয়াৰোপৰি তেওঁৰ শেষকৃত্য চৰকাৰ তথা প্ৰশাসনক কৰিবলৈ আহ্বান জনায়। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।