শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আৰক্ষীৰ এনকাউন্টাৰঃ ৪ বছৰীয়া শিশুৰ লগত যুৱকৰ বৰ্বৰ কাণ্ড

ছলমানৰ এগৰাকী ১ বছৰীয়া কন্যাও আছে যাৰ লগত ভুক্তভোগীয়ে খেলা-ধুলা কৰিছিল। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে ছলমানৰ কন্যা আৰু পত্নী নিজৰ আত্মীয়ক চাবলৈ চিকিৎসালয়লৈ গৈছিল। সেইদিনাই সন্ধিয়া ঘৰৰ কাষতে বাস কৰা  ৪ বছৰীয়া শিশুটিয়ে খেলি আছিল

আৰক্ষীৰ এনকাউন্টাৰঃ ৪ বছৰীয়া শিশুৰ লগত যুৱকৰ বৰ্বৰ কাণ্ড
অযোধ্যা
barasha-sarma
Barasha Sarma | Published: 27 Aug 2024 11:15 AM

সোমবাৰে যেতিয়া সমগ্ৰ দেশে শ্ৰীকৃষ্ণৰ জন্মোষ্টমী পালন কৰি আছিল তেতিয়াই দেশৰ এটা প্ৰান্তত এগৰাকী কিশোৰীৰ লগত সংঘটিত হৈছিল জঘন্য ঘটনা। নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি ৪ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰে ৩৫ বছৰীয়া যুৱক ছলমানে। এই কাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱকজনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাৰ মহাৰাজগঞ্জ থানা এলেকাৰ কুমহিয়া গাঁৱত।

বিকাপুৰ অঞ্চলৰ বাসিন্দা ছলমানে ৪ বছৰ পূৰ্বে মহাৰাজগঞ্জ থানা ক্ষেত্ৰৰ কুহমিয়া গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযুক্তৰ পত্নীৰ কোনো ভাতৃ নাছিল। যাৰ বাবে পিতৃৰ সম্পত্তিৰ মালিক যুৱতীগৰাকীয়ে আছিল। আনহাতে ছলমানৰ আছিল ৪ জন ভাতৃ। ছলমানৰ ব্যৱহাৰ, আচৰণ ঠিক নাছিল যাৰ বাবে বিয়াৰ কেইমাহমান পাছতেই ভাতৃৰ লগত কাজিয়া কৰি আহি শহুৰেকৰ ঘৰত থাকিবলৈ লৈছিল।

ছলমানৰ এগৰাকী ১ বছৰীয়া কন্যাও আছে যাৰ লগত ভুক্তভোগীয়ে খেলা-ধুলা কৰিছিল। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে ছলমানৰ কন্যা আৰু পত্নী নিজৰ আত্মীয়ক চাবলৈ চিকিৎসালয়লৈ গৈছিল। সেইদিনাই সন্ধিয়া ঘৰৰ কাষতে বাস কৰা  ৪ বছৰীয়া শিশুটিয়ে খেলি আছিল। সুযোগ বুজি ছলমানে শিশুটিক নিজৰ কোঠালৈ মাতি আনি ধৰ্ষণ কৰে। ইফালে সন্ধিয়ালৈ শিশুটি ঘৰ আহি নোপোৱাত পৰিয়ালৰলোক চিন্তিত হৈ পৰিছিল। বহু বিচাৰ- খোচৰ কৰিও শিশুটিক বিচাৰি পোৱা নাছিল।

শিশুটিক বিচাৰি বিচাৰি যেতিয়া ওচৰ- চুবুৰীয়াৰলোক ছলমানৰ ঘৰলৈ যায় আৰু তেতিয়াই ছলমানক অসংযত অৱস্থাত উদ্ধাৰ কৰে। এই কাণ্ড দেখি আচৰিত হৈ পৰে গাঁওবাসী আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় যদিও সুযোগ বুজি ছলমানে পলায়ন কৰে। কিছু সময় পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। লগতে শিশুটিক হাস্পাতালত ভৰ্তি কৰায়।

পৰৱৰ্তী সয়মত ছলমানক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে এটা দল গঠন কৰে আৰু বিভিন্ন ঠাইত অভিযান চলায়। গোপন সূত্ৰৰ তথ্য অনুসৰি মহাৰাজগঞ্জৰ এটা এলেকাত আৰক্ষীয়ে অভিযান চলাই য’ত ছলমানে লুকাই আছিল। আৰক্ষীক দেখাৰ লগে লগে ছলমানে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও ছলমানৰ ওপৰত গুলী চলাই যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিযুক্ত। ইয়াৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ছলমানক। গাঁৱবাসীয়ে ছলমানক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।