পুনৰ নতুন দিল্লী ৰে’ল ষ্টেচনত পদপিষ্ট মহাকুম্ভৰ যাত্ৰী ! নিহত ১৫ জন…
নতুন দিল্লীৰ ৰে'লৱে ষ্টেচনত পদপিষ্ট দৰে ঘটনা সংঘটিত হয় । এই ঘটনাত ১৫ জন লোক নিহত হোৱাৰ বুলি খবৰ লাভ কৰা গৈছে । নিহতসকলৰ ভিতৰত আছে ১০ গৰাকী মহিলা, ৩ টা শিশু আৰু ২ জন পুৰুষ।
শনিবাৰে নিশা নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত সংঘটিত পদপিষ্ট ঘটনাত ১৫ জনতকৈ অধিক লোক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হয় । ষ্টেচনত ভিৰ কৰা প্ৰায় সংখ্যক লোকৰে গন্তব্যস্থান আছিল মহাকুম্ভ । শনিবাৰে নিশা প্ৰায় ৯:৫৫ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। সূত্ৰ খবৰ অনুসৰি, নতুন দিল্লীৰ পৰা প্ৰয়াগৰাজলৈ যোৱা দুখন ৰে’ল পলম হৈছিল। লগতে দুখন ৰে’ল বাতিল কৰা হৈছে বুলিও দাবী কৰিছিল একাংশই । ফলত ষ্টেচনটোত অতিমাত্ৰা যাত্ৰীৰ ভিৰ হৈছিল।
ষ্টেচনটোত যাত্ৰীয়ে এনেদৰে ভিৰ কৰিছিল যে, পদপিষ্ট দৰে ঘটনা সংঘটিত হয় । এই ঘটনাত ১৫ জন লোক নিহত হোৱাৰ বুলি খবৰ লাভ কৰা গৈছে । নিহতসকলৰ ভিতৰত আছে ১০ গৰাকী মহিলা, ৩ টা শিশু আৰু ২ জন পুৰুষ। লগতে কেইবাজনো লোক আহত হয়। এই ঘটনাত আহতসকল লোকনায়ক জয়প্ৰকাশ (এল এন জে পি) চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল মন্ত্ৰালয়ে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।
ইফালে, ১৪ আৰু ১৫ নং স্থানত যাত্ৰীৰ ভিৰে সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বাবে বহু লোক অসুস্থ হৈ পৰা বুলিও জানিব পৰা গৈছে । এজন আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰয়াগৰাজ এক্সপ্ৰেছ ১৪ নম্বৰ প্লেটফৰ্মত ৰৈছিল। সেই প্লেটফৰ্মত ইতিমধ্যে ভিৰ কৰিছিল যাত্ৰীয়ে । ইয়াৰ বাহিৰেও পলমকৈ চলি থকা ৰেল দুখন আছিল স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ আৰু ভুৱনেশ্বৰ-ৰাজধানী এক্সপ্ৰেছ। এই দুয়োখন ৰেল প্ৰয়াগৰাজৰ মাজেৰে পাৰ হৈ যায়। এই দুয়োখন ৰে’লৰ যাত্ৰীসকলেও ১২, ১৩ আৰু ১৪ নং প্লেটফৰ্মত ৰৈ আছিল। সেই সময়ত ভিৰ কৰা যাত্ৰী হেঁচা-ঠেলাত সংঘটিত হৈছিল এই ঘটনা।
নিশাই লোকনায়ক জয়প্ৰকাশ হাস্পতালত আহতসকলৰ খবৰ লয় দিল্লীৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আতিশীয়ে । আহতসকলক লগ পোৱাৰ পিছত তেওঁ কয়, ‘আমাৰ দলৰ দুজন বিধায়ক চিকিৎসালয়ত আছে। মই চিকিৎসালয় কৰ্তৃপক্ষক কৈছো যে যদি ভুক্তভোগীৰ পৰিয়ালক কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকে বিধায়ক দুজনক অৱগত কৰক।” দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাইও এল এন জে পি হাস্পতালত গৈ আহতসকলৰ খবৰ লয়।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স হেণ্ডেলত লিখিছে, “নতুন দিল্লী ৰে’ল ষ্টেচনত সংঘটিত হোৱা ঘটনাকলৈ গভীৰভাৱে দুখী। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।” প্ৰধানমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে, চৰকাৰী বিষয়াসকলে ভুক্তভোগীক সকলো প্ৰকাৰে সহায় কৰি আছে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰে’ল মন্ত্ৰীৰ সৈতে ফোন যোগে এই সন্দৰ্ভত বাৰ্তালাপ কৰে। ঘটনাক লৈ শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।