শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কংগ্ৰেছ ত্যাগ কৰক, অন্যথা যাব প্ৰাণ! হোৱাটছএপ যোগে ভাবুকি বজৰং পুনিয়াক

এগৰাকী অচিনাক্ত ব্যক্তিয়ে হোৱাটছএপ যোগে পুনিয়াক কংগ্ৰেছ ত্যাগ কৰিবলৈ ধমকি দিছে। যদি পুনিয়াই কংগ্ৰেছ ত্যাগ নকৰে তেতিয়া প্ৰাণনাশৰ ভাবুকি দিছে অচিনাক্ত ব্যক্তিজনে। হোৱাটছএপত এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে বজৰং পুনিয়াই হাৰিয়ানাৰ শোনিপট আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

কংগ্ৰেছ ত্যাগ কৰক, অন্যথা যাব প্ৰাণ! হোৱাটছএপ যোগে ভাবুকি বজৰং পুনিয়াক
বজৰং পুনিয়াক ভাবুকি
Monjit Dutta
Monjit Dutta | Updated On: 08 Sep 2024 20:35 PM

দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু তথা সদ্য কংগ্ৰেছী বজৰং পুনিয়াই লাভ কৰিছে মৃত্যুৰ ভাবুকি। এগৰাকী অচিনাক্ত ব্যক্তিয়ে হোৱাটছএপ যোগে পুনিয়াক কংগ্ৰেছ ত্যাগ কৰিবলৈ ধমকি দিছে। যদি পুনিয়াই কংগ্ৰেছ ত্যাগ নকৰে তেতিয়া প্ৰাণনাশৰ ভাবুকি দিছে অচিনাক্ত ব্যক্তিজনে। হোৱাটছএপত এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে বজৰং পুনিয়াই হাৰিয়ানাৰ শোনিপট আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। বজৰং পুনিয়াৰ অভিযোগৰ পিছতে বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

তথ্য অনুসৰি আজি বজৰং পুনিয়াই এক বিদেশী নম্বৰৰ পৰা হোৱাটছএপ মেছেজ লাভ কৰে। ব্যক্তিজনে বজৰং পুনিয়াক বাৰ্তা যোগে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ দাবী জনায়। শেহতীয়াকৈ ্যোৱা শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰিছিল মল্লযুঁজাৰু বজৰং পুনিয়াই। দলত যোগদানৰ পিছতে কংগ্ৰেছ দলে পুনিয়াক কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে।

আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত বজৰঙে উল্লেখ কৰিছে যে অচিনাক্ত ব্যক্তিগৰাকীয়ে বাৰ্তাটোত তেওঁ কংগ্ৰেছ দল এৰিব লাগে বুলি দাবী কৰিছে। যদি পুনিয়াই এই দাবী মানি নলয়, তেন্তে সেয়া তেওঁৰ লগতে পৰিয়ালৰ বাবে ভাল নহ’ব বুলি ভাবুকি দিয়া হৈছে বাৰ্তাটোত। পুনিয়াই উল্লেখ কৰা মতে যদি পুনিয়াই এই কথাত সন্মতি নিদিয়ে, তেন্তে এই বাৰ্তাটোৱেই তেওঁৰ বাবে শেষ বাৰ্তা হ’ব বুলি বাৰ্তাটোত ভাবুকি দিয়া হৈছে।

প্ৰকাশিত খবৰ অনুসৰি বজৰঙে এই ভাবুকি লাভ কৰাৰ পিছতে শোণিপটৰ বহলগড় আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে। উল্লেখ্য যে যোৱা শুকুৰবাৰে বজৰং পুনিয়াৰ লগতে দেশৰ আন এগৰাকী প্ৰাক্তন তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটেও কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিছে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দুই প্ৰাক্তন তাৰকাই প্ৰৱেশ কৰিছে ৰাজনীতিত।

ইতিমধ্যে কংগ্ৰেছে নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৩২ জনীয়া এই প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে ৱিনেশ ফ’গাটেও। জুলানা আসনৰ পৰা ৱিনেশ ফ’গাটক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে। আনহাতে আগন্তুক এই নিৰ্বাচনত বজৰং পুনিয়াই প্ৰতিদ্বন্দ্বিতা নকৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অহা ৫ অক্টোবৰত হাৰিয়ানাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৮ অক্টোবৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।