ভয়ংকৰ দুৰ্ঘটনাঃ খহি পৰিল নিৰ্মাণৰত সুৰংগৰ দেৱাল, আৱদ্ধ কেইবাজনো শ্ৰমিক
তেলেংগানাৰ নগৰকুৰনুল জিলাত আজি নিৰ্মাণাধীন শ্ৰীশৈলাম লেফ্ট বেংক কেনেলৰ সুৰংগৰ এটা অংশ হঠাতে ভাঙি পৰে। এই দুৰ্ঘটনাত সুৰংগটোত কাম কৰি থকা ৬ জন শ্ৰমিক খহি পৰা কংক্ৰীটৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।
 
                                ডিমা হাছাওৰ উমৰাংছুৰ এক কয়লাখনিত সংঘটিত হোৱা শোকাৱহ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। কয়লাখনিটোত শ্ৰমিকসকলে কাম কৰি থকাৰ সময়তে পানীৰে ভৰি পৰাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছিল ৯ গৰাকী শ্ৰমিকে। যোৱা ৪ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল যদিও যোৱা ১৯ ফেব্ৰুৱাৰীতহে খনিত আৱদ্ধ হৈ থকা ৫জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই ঘটনাই শোকাহত কৰি তুলিছিল প্ৰতিজন লোকক। উমৰাংছুৰ এই ভয়ংকৰ ঘটনাৰ ঢৌ মাৰ নাযাওঁতেই আজি তেলেংগানাত সংঘটিত হৈছে আন এক শোকাৱহ দুৰ্ঘটনা।
তেলেংগানাৰ নগৰকুৰনুল জিলাত আজি নিৰ্মাণাধীন শ্ৰীশৈলাম লেফ্ট বেংক কেনেলৰ সুৰংগৰ এটা অংশ হঠাতে ভাঙি পৰে। এই দুৰ্ঘটনাত সুৰংগটোত কাম কৰি থকা ৬ জন শ্ৰমিক খহি পৰা কংক্ৰীটৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন সষ্টম হৈ পৰে। স্থানীয় প্ৰশাসনৰ এটা দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
প্ৰকাশিত খবৰ অনুসৰি সুৰংগটোত চলি থকা কামৰ অৱস্থাৰ বুজ লবলৈ নিৰ্মাণ কোম্পানীটোৰ এটা দল সুৰংগটোৰ ভিতৰলৈ সোমাই যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। হঠাৎ সুৰংগটোৰ চালৰ এটা অংশ ভাঙি খহি পৰে আৰু খহি পৰা কংক্ৰীটৰ তলত বহু শ্ৰমিক আৱদ্ধ হৈ পৰে। আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, কোম্পানীটোৱে দিয়া তথ্যৰ ভিত্তিত ৬ৰ পৰা ৮জন শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
দুৰ্ঘটনাৰ পিছতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডী, জলসিঞ্চন বিভাগৰ চৰকাৰী উপদেষ্টা আদিত্যনাথ দাসকে ধৰি অন্যান্য বিভাগীয় বিষয়াসকলে বিশেষ হেলিকপ্টাৰেৰে সেই স্থানলৈ ৰাওনা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই দুৰ্ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি আৱদ্ধ শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে আহতসকলক অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলাই থকা হৈছে। উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল।
এই দুৰ্ঘটনাত কিমানগৰাকী শ্ৰমিক আবদ্ধ হৈ আছে আৰু তেওঁলোক কেনে অৱস্থাত আছে, সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। আৱদ্ধ শ্ৰমিকসকলৰ জীৱনক লৈ চিন্তিত হৈ পৰিছে সকলো। সম্প্ৰতি প্ৰশাসন আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযানক অগ্ৰাধিকাৰ দি শ্রমিকসকলক অতি শীঘ্ৰে নিৰাপদে উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে৷
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      