আৰক্ষীৰ জালত দুই ISIS সদস্য, ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ ভয়ংকৰ পৰিকল্পনা
প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে দুয়োজনেই ISIS ৰ দ্বাৰা অনুপ্ৰাণিত নেটৱৰ্কৰ অন্যান্য সদস্যৰ সৈতে যোগাযোগত আছিল আৰু ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৰ এজেণ্ডাক আগুৱাই নিয়াৰ লক্ষ্যৰে কাৰ্যকলাপত লিপ্ত আছিল।

বিহাৰ নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা। দিল্লী আৰক্ষীৰ বিশেষ কোষ, ঝাৰখণ্ড এটিএছ আৰু ৰাঁচী আৰক্ষীয়ে চলোৱা এক যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে দুটা সন্দেহযুক্ত ISIS সদস্য। এক বিভাগীয় বিবৃতিত প্ৰকাশ পাইছে এই কথা। এই অভিযানত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তগৰাকীক বোকাৰোৰ আশ্বাৰ ডানিছ বুলি চিনাক্ত কৰা হৈছে। ISIS ৰ সৈতে সম্পৰ্ক ৰখাৰ এক গোচৰত বহুদিনৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখাই বিচাৰি আছিল ডানিছক।
আনগৰাকী অভিযুক্ত হৈছে আফটাব। দিল্লীৰ পৰাই অনুসন্ধানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে আফটাবক। সূত্ৰই জনোৱা মতে, প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে দুয়োজনেই ISIS ৰ দ্বাৰা অনুপ্ৰাণিত নেটৱৰ্কৰ অন্যান্য সদস্যৰ সৈতে যোগাযোগত আছিল আৰু ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৰ এজেণ্ডাক আগুৱাই নিয়াৰ লক্ষ্যৰে কাৰ্যকলাপত লিপ্ত আছিল।
ইফালে যোৱা ২৮ আগষ্টত প্ৰকাশিত বাতৰি অনুসৰি বিহাৰত তিনি পাক সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ তথ্য লাভ কৰিছিল চোৰাংচোৱাই। এই তিনি সন্ত্ৰাসবাদীয়ে বিহাৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰা হৈছিল। যাৰ বাবে নিৰ্বাচনমুখী ৰাজ্যখনত হাই এলাৰ্ট জাৰী কৰা হয়।
জইচ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি চোৰাংচোৱাই দাবী কৰা এই তিনি সন্ত্ৰাসবাদীৰ নাম ক্ৰমে হছনাইন আলী, আদিল হুছেইন আৰু মহম্মদ উছমান। তিনিও পাকিস্তানৰ বাসিন্দা বুলি চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ।
ইফালে, পাঁচ ছেপ্টেম্বৰত মুম্বাইত ৪০০ কিলোগ্ৰাম RDX সহ ৩৪খন বাহনে প্ৰৱেশ কৰা বুলি এক ভাবুকিপূৰ্ণ ফোনকল লাভ কৰিছিল আৰক্ষীয়ে। লস্কৰ-ই-জিহাদী নাম এটা সংগঠনে মুম্বাইত ভয়ংকৰ বিস্ফোৰণ ঘটাব বুলি দাবী কৰিছিল। ভাবুকিপূৰ্ণ ফোনকলত কোৱা হৈছিল যে ৩৪ টা মানৱ বোমাই কঁপাই তুলিব মুম্বাই চহৰ।