5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলা চাবলৈ যোৱা কিশোৰীৰ সৈতে জঘন্য কাণ্ড দুই দুৰ্বৃত্তৰ, ধৰ্ম পৰিৱৰ্তনৰ বাবেও হেঁচা দিয়াৰ অভিযোগ

বৃ্হস্পতিবাৰে সন্ধিয়া মেলা চাবলৈ ওলাই গৈছিল দুই ভগ্নী। তেনে সময়তে দুই যুৱকে জ্যেষ্ঠ ভগ্নীক পথৰ কাষৰ খাৱৈলে পেলাই কনিষ্ঠ ভগ্নীক অপহৰণ কৰি হাবিলৈ লৈ যায় আৰু হাবিৰ ভিতৰত গোটেই নিশা কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযুক্ত দুই যুৱকে লগতে ভুক্তভোগী কিশোৰীগৰাকীক ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উঠিছে।

মেলা চাবলৈ যোৱা কিশোৰীৰ সৈতে জঘন্য কাণ্ড দুই দুৰ্বৃত্তৰ, ধৰ্ম পৰিৱৰ্তনৰ বাবেও হেঁচা দিয়াৰ অভিযোগ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 11 Oct 2024 16:55 PM

দেশৰ সৰ্বপ্ৰান্তত এতিয়া উৎসৱৰ বতৰ। দুৰ্গোৎসৱৰ এই আনন্দমুখৰ পৰিৱেশৰ মাজতে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক জঘন্য কাণ্ড। ৰাজ্যখনৰ বাণ্ডাত দুই যুৱকৰ নৃশংসতাৰ বলি হৈছে এগৰাকী কিশোৰী। মেলা চাবলৈ যোৱাৰ সময়তে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে দুই যুৱকৰ বিপক্ষে। অভিযোগ অনুসৰি মেলা চাবলৈ যোৱা কিশোৰীগৰাকীক যুৱক দুজনে অপহৰণ কৰি হাবিলৈ লৈ যায় আৰু হাবিৰ ভিতৰত গোটেই নিশা কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযুক্ত দুই যুৱকে লগতে ভুক্তভোগী কিশোৰীগৰাকীক ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উঠিছে।

এই জঘন্য কাণ্ডৰ পিছতে কিশোৰীগৰাকী নিজ গৃ্হত উপস্থিত হয় আৰু পৰিয়ালৰ আগত এই সমগ্ৰ ঘটনাৰ বিষয়ে বিৱৰি কয়। ইফালে এনে ভয়ংকৰ ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে কিশোৰীগৰাকীৰ পৰিয়াল আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইফালে ঘটনাৰ পিছৰে পৰা দুই অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি বাণ্ডাৰ পাইলানী থানা এলেকাৰ এখন গাঁৱত সংঘটিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া জ্যেষ্ঠ ভগ্নীৰ সৈতে সমীপৰে এখন গাঁৱত  অনুষ্ঠিত হোৱা মেলা চাবলৈ গৈছিল। সেই সময়তে কাষৰে পিপ্ৰ’দাৰ নামৰ আন এখন গাঁৱৰ দুগৰাকী যুৱক এখন বাইকত উঠি দুই ভগ্নীৰ কাষ চাপে। অভিযোগ অনুসৰি জনশূন্য পথৰ সুযোগ লৈ দুই বাইক আৰোহী যুৱকে জ্যেষ্ঠ ভগ্নীক ঠেলা মাৰি পথৰ কাষৰ খাৱৈত পেলাই দিয়ে।

ইয়াৰ পিছতে দুয়ো ১৬ বৰ্ষীয় কিশোৰীগৰাকীক বলপূৰ্বকভাৱে টানি-আজুৰি হাবিৰ ভিতৰলৈ লৈ যায় আৰু উপৰ্যুপৰি দুয়ো মিলি নিশা ৩ বজালৈকে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীয়ে লগতে দুই অভিযুক্তই তেওঁক ধৰ্ম পৰিৱৰ্তনৰ কৰি বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। দুই অভিযুক্তৰ কবলৰ পৰা পলায়ন কৰি কিশোৰীগৰাকী কোনোমতে পথলৈ ওলাই আহে বুলি জানিবলৈ দিয়ে।

কিশোৰীগৰাকীয়ে লগতে এগৰাকী পথচাৰীৰ সহায়ত নিজ বাসগৃ্হত উপস্থিত হয় বুলিও জানিবলৈ দিয়ে। অভিযুক্ত দুই যুৱকৰ নাম কিশোৰীগৰাকীয়ে দবংগ আৱেজ আৰু মুজীদ বুলি দাবী কৰিছে। দুই যুৱকে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল বুলিও অভিযোগ কৰিছে কিশোৰীগৰাকীয়ে। ইতিমধ্যে কিশোৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰি আৰক্ষীয়ে অভিযুক্ত আৱেজ আৰু মুজীদৰ বিৰুদ্ধে পকচ’ আইনকে ধৰি সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে।

Latest News