শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহা আমি জন্মদিন উদযাপন কৰো…১২ বছৰীয়া কিশোৰীৰ লগত ভয়ংকৰ কাণ্ড, গ্ৰেপ্তাৰ ২ জন…

এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুজন যুৱক। এই কাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ পাছতে এই পদক্ষেপ আৰক্ষীৰ।

আহা আমি জন্মদিন উদযাপন কৰো…১২ বছৰীয়া কিশোৰীৰ লগত ভয়ংকৰ কাণ্ড, গ্ৰেপ্তাৰ ২ জন…
অভিযুক্তImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Sep 2025 18:05 PM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক জঘন্য কাণ্ডৰ কথা পোহৰলৈ আহিছে। এগৰাকী অষ্টম শ্ৰেণীৰ কিশোৰীক দুই যুৱকে জন্মদিনৰ অজুহাত দি এটা স্থানলৈ লৈ যায় আৰু পাছত দলবব্ধ ধৰ্ষণ কৰে। এই ঘটনাত এতিয়া আই টি আই আৰু ডি ফাৰ্মাৰ দুজন ছাত্ৰ গ্ৰেপ্তাৰ হৈছে। এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হৰদয়ত।

জানিব পৰা মতে, ভুক্তভোগীৰ বয়স প্ৰায় ১২ বছৰ। অভিযোগ অনুসৰি কিশোৰীগৰাকী বাস কৰা অঞ্চলটোৰে দুজন যুৱকে এই কাণ্ড সংঘটিত কৰে। দুয়ো কিশোৰীগৰাকীৰ সৈতে চকলেট দিয়াৰ চলেৰে চিনাকী হৈছিল। ইয়াৰ মাজতে কিশোৰীগৰাকীৰ জন্মদিন আহিছিল। জন্মদিনৰ দিনা কিশোৰীগৰাকীয়ে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথতেই যুৱক দুজনে দেখা পাই আৰু কয় যে, তোমাৰ আজি জন্মদিন, গতিকে বলা জন্মদিন উদযাপন কৰো। কিশোৰীগৰাকীয়েও দুয়োকে চিনি পাই, গতিকে দুয়োৰে লগত যায়।

কিন্তু সেই যুৱকজনৰ পৰিকল্পনা আছিল বেলেগ। তেওঁলোকে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। ইমানেই নহয়, কিশোৰীগৰাকীয়ে যদি এই কথা কাৰোবাৰ আগত কয় তেন্তে হত্যাৰো ভাবুকি প্ৰদান কৰে। শেহতীয়াকৈ শুকুৰবাৰ (১২ ছেপ্টেম্বৰ)য়ে এই ঘটনা পোহৰলৈ অহাৰ পাছতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে কোটৱলি চহৰত। এই অঞ্চলৰে অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰী এগৰাকীৰ লগত জঘন্য কাণ্ড সংঘটিত হয়। এই ঘটনাৰ অভিযোগ উত্থাপন হৈছে ৰুষ্টম যাদৱ আৰু প্ৰিয়াংশুৰ বিৰুদ্ধে। দুয়ো কিশোৰীগৰাকীয়ে বাস কৰা অঞ্চলটোত ভাড়াতীয়া হিচাপে বাস কৰে।

ইয়াৰে ২১ বছৰীয়া ৰুষ্টম আই টি আইৰ ছাত্ৰ আৰু ১৯ বছৰীয়া প্ৰিয়াংশু ডি ফাৰ্মাৰ ছাত্ৰ। এই দুই যুৱকে কিশোৰীগৰাকীক চকলেট দি চিনাকী হৈছিল। কিশোৰীগৰাকী স্কুললৈ অহা-যোৱাৰ সময়ত প্ৰায়ে দুয়ো কিশোৰীগৰাকীক চকলেট দিছিল। যাৰ বাবে তেওঁ দুয়োকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল।

ইয়াৰ মাজতে ৩০ আগষ্টত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। কিশোৰীগৰাকী স্কুলৰ পৰা উভতি অহাৰ সময়ত দুয়ো জন্মদিনৰ পাৰ্টি কৰাৰ চলেলে বন্ধুৰ ঘৰলৈ লৈ যায়। পাছত তাতেই তেওঁক দলবদ্ধ ধৰ্ষণ কৰে।

কিন্তু শেহতীয়াকৈ এই কাণ্ড পোহৰলৈ আহে। কিশোৰীগৰাকীে কয় যে, তেওঁলোকক যুৱকজনে বন্দুক আৰু পিষ্টল লৈ বিভিন্ন ভাবুকি দিছিল। ইয়াৰ পাছত তেওঁলোকে কিশোৰীগৰাকীক ব্লেকমেইল কৰি জঘন্য কাণ্ড সংঘটিত কৰি হৈছিল। কিন্তু কিশোৰীগৰাকীৰ আচৰণ সলনি হোৱাত পৰিয়ালৰ সন্দেহ হয় আৰু পাছত এই কাণ্ড পোহৰলৈ আহে। পাছত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে।

 

 

অন্য খবৰ পঢ়কঃ মোদীৰ অসম ভ্ৰমণৰ পৰা এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেচলৈ, দিনটোৰ খবৰ…