শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাওবাদী বিদ্ৰোহী কিষেনজীৰ পত্নীয়ে কৰিলে আত্মসমৰ্পণঃ ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল শিৰৰ দৰ

বিগত ১৯৮২ চনৰ পৰা আৰক্ষীৰ হাতত মাওবাদী নেত্ৰীগৰাকীৰ সন্দৰ্ভত কোনো তথ্য নাছিল। উল্লেখ্য যে চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল সুজাতা। কিষেনজীয়ে যেতিয়া বংগত নিজাকৈ সশস্ত্ৰ আন্দোলন গঢ়ি তোলাৰ সময়ত কল্পনাই দক্ষিণ অঞ্চলত বিদ্ৰোহৰ কাম চলাইছিল বুলি কোৱা হয়।

মাওবাদী বিদ্ৰোহী কিষেনজীৰ পত্নীয়ে কৰিলে আত্মসমৰ্পণঃ ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল শিৰৰ দৰ
মাওবাদী নেত্ৰী সুজাতাৰ আত্মসমৰ্পণImage Credit source: X
monjit-dutta
Monjit Dutta | Published: 14 Sep 2025 14:21 PM

মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষেনজী। দেশৰ মাওবাদী বিদ্ৰোহৰ ইতিহাসৰ এক বিশেষ অধ্যায় এই কিষেনজী নক্সালবাদী আন্দোলনৰ তীব্ৰতা হ্ৰাস হোৱাৰ সময়তে বংগ ভেদি দেশৰ ভিন্ন প্ৰান্তত ক্ৰমাৎ শিপাবলৈ আৰম্ভ কৰিছিল মাওবাদী বিদ্ৰোহ এই বিদ্ৰোহৰে এক শক্তিশালী নেতা ৰূপত আত্মপ্ৰকাশ কৰিছিল কিষেনজীয়ে দীৰ্ঘসময়লৈ এই মাওবাদী নেতাগৰাকীৰ ক্ষমতাৰ অধীনত আছিল বংগৰ লালগড়। অৰণ্যত আত্মগোপন কৰি কিষেনজীয়ে চলাই আহিছিল বিদ্ৰোহী কাৰ্যকলাপ।

বিগত ২০১১ চনত এক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ হাতত প্ৰাণ হেৰুৱাইছিল কিষেনজীয়ে ইয়াৰ লগে লগে ইতিহাস হৈ পৰিছিল মাওবাদী বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতাগৰাকী কিন্তু এই ঘটনাৰ ১৪ বছৰ পিছত কিষেনজী পুনৰ আহিছে চৰ্চালৈ এই চৰ্চাৰ কাৰণ হৈ পৰিছে মাওবাদী নেতাগৰাকীৰ পত্নী

কিষেনজীৰ পত্নী পাঠোলা পদ্মৱতী ওৰফে সুজাতা ওৰফে কল্পনাই স্বামীৰ মৃত্যুৰ ১৪ বছৰ পিছত তেলেংগানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। মাওবাদী বিদ্ৰোহত এই সুজাতা ওৰফে কল্পনায়ো বহন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা বিগত ১৯৮২ চনৰ পৰা আৰক্ষীৰ হাতত মাওবাদী নেত্ৰীগৰাকীৰ সন্দৰ্ভত কোনো তথ্য নাছিল।

উল্লেখ্য যে চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল সুজাতা। কিষেনজীয়ে যেতিয়া বংগত নিজাকৈ সশস্ত্ৰ আন্দোলন গঢ়ি তোলাৰ সময়ত কল্পনাই দক্ষিণ অঞ্চলত বিদ্ৰোহৰ কাম চলাইছিল বুলি কোৱা হয়। ২০১১ চনত কিষেনজীৰ এনকাউণ্টাৰৰ সময়তো সুজাতা এনকাউণ্টাৰস্থলীত উপস্থিত নাছিল সেই সময়ত কিষেনজীৰ সৈতে আছিল তেওঁৰ ঘনিষ্ঠ মহিলা মাওবাদী নেত্ৰী সুচিত্ৰা।

দীৰ্ঘদিন ধৰি নিৰাপত্তা বাহিনীৰ চক্ষুৰ আঁৰত থকা এই মাওবাদী নেত্ৰীগৰাকীয়ে শনিবাৰে হায়দৰাবাদত আত্মসমৰ্পণ কৰে তেলেংগানা আৰক্ষীৰ সঞ্চালত প্ৰধানৰ উপস্থিতিত আত্মসমৰ্পণ কৰে সুজাতাই। উল্লেখ্য যে আত্মসমৰ্পণৰ পূৰ্বে সূজাতাৰ শিৰৰ দাম এক কোটি টকাৰ নিৰ্ধাৰণ কৰা হৈছিল।

তেলেংগানা আৰক্ষীয়ে সুজাতাৰ আত্মসমৰ্পণক আৰক্ষীৰ ‘নৈতিক জয়’ বুলি দাবী কৰিছিল। আৰক্ষীয়ে লগতে চলিত বৰ্ষত এতিয়ালৈকে ৪০৪জন মাওবাদীয়ে আত্মসমৰ্পণ কৰা বুলি। উল্লেখ্য যে তেলেংগানাৰ এটা দৰিদ্ৰ কৃষক পৰিয়ালত সুজাতাৰ জন্ম হৈছিল। ভাতৃ-ভগ্নীৰ দ্বাৰা উৎসাহিত হৈ তেওঁ মাওবাদী সংগঠনত যোগদান কৰে। পিছলৈ তেওঁ কেন্দ্ৰীয় সমিতিৰ সদস্য নিৰ্বাচিত হয়। সেই সময়ত বিদ্ৰোহী কাৰ্যকলাপৰ বাবে ছত্তীশগড়, তেলেংগানা আৰু ওড়িশাত ‘ৱাণ্টেড’ হৈ পৰিছিল সুজাতা।