শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিদেশলৈ ধন প্ৰেৰণ হৈ পৰিব সহজ, ডাকঘৰতে পাব UPIৰ সুবিধা!

বিদেশলৈ ধন প্ৰেৰণ হৈ পৰিব সহজ, ডাকঘৰতে পাব UPIৰ সুবিধা!

monjit-dutta
Monjit Dutta | Published: 13 Sep 2025 21:04 PM

অনলাইন পে’মেণ্টৰ ক্ষেত্ৰত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ, চমুকৈ UPI ব্যৱস্থা এক সহজ আৰু সুচল মাধ্যম হৈ পৰিছে। দেশৰ এই UPI ব্যৱস্থা এতিয়া সমগ্ৰ বিশ্বতে কাৰ্যক্ষম হৈ উঠাৰ দিশে আগবাঢ়িছে।

অনলাইন পে’মেণ্টৰ সুবিধা এতিয়া দেশৰ সৰ্বস্তৰত উপলব্ধ। ডিজিটেল ইণ্ডিয়া ধাৰণাৰ প্ৰসাৰৰ লগে লগে এতিয়া দেশৰ সকলো প্ৰান্ততে অনলাইন পেমেণ্ট ব্যৱস্থা ব্যৱহাৰ কৰি ধনৰ লেনদেন সহজ হৈ উঠিছে এইক্ষেত্ৰত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ, চমুকৈ UPI ব্যৱস্থা এক সহজ আৰু সুচল মাধ্যম হৈ পৰিছে দেশৰ এই UPI ব্যৱস্থা এতিয়া সমগ্ৰ বিশ্বতে কাৰ্যক্ষম হৈ উঠাৰ দিশে আগবাঢ়িছে এইপৰ্যন্ত বিশ্বৰ কেইখনমান দেশতহে UPI ব্যৱহৃত হৈছিল যদিও এতিয়া ইয়াৰ ক্ষেত্ৰ বৃদ্ধি পাব

বিগত ৮ ছেপ্টেম্বৰত ডুবাইত UPI-UPU ইণ্টিগ্ৰেছন প্ৰকল্পৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। ইয়াৰ দ্বাৰা ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন বা UPUৰ সৈতে সংযোজিত হৈছে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ বা UPI ব্যৱস্থা এইদৰে বিশ্বৰ ১৯২খন দেশৰ ডাকঘৰৰ বিশাল নেটৱৰ্ক ব্যৱহাৰ কৰি এতিয়া ধনৰ লেনদেন সম্ভৱ হৈ উঠিব