মোদীৰ অসম ভ্ৰমণৰ পৰা এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেচলৈ, দিনটোৰ খবৰ…
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত কেইবাটাও ডাঙৰ প্ৰকল্পৰ শিলান্যাস কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে মোদীক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-
১) আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত চলিছে বিশাল আয়োজন। অসমৰ বিভিন্ন অঞ্চলত নিশা জন্মাষ্টমী পালন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত প্ৰভুক সুন্দৰকৈ সজাই কৃষ্ণৰ জন্মাষ্টমী পালন কৰিব আয়তী-ভক্তসকলে।
২) অসম ভ্ৰমণত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। এই সময়চোৱাত মোদীয়ে দৰঙত উপস্থিত হৈ ৬৩০০ কোটি টকা ব্যয়েৰে তিনিটা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শিলান্যাস কৰে। ইয়াৰ ভিতৰত আছে ৫৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৪৫৩০ কোটি টকা ব্য়য়েৰে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু ১২০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া কুৰুৱা-নাৰেংগী সংযোগী দলং।
৩) ড০ ভূপেন হাজৰিকাক সন্মানিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে যি ধৰণে সন্মানিত কৰিলে সেই পদক্ষেপে প্ৰতিগৰাকী অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে। তাৰ বাবে অসমবাসীৰ হৈ মোদীক কৃতজ্ঞতা শৰ্মাৰ।
৪)কংগ্ৰেছক কটাক্ষ কৰি মোদীয়ে কয় যে, যেতিয়া ভাৰত চৰকাৰে ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিছিল সেইদিনা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য দিছিল যে মোদীয়ে ‘নৃত্যশিল্পী-গায়ক’ক ভাৰতৰত্ন দিছে”। মোদীয়ে আৰু কয়, মোক যিমানেই গালি নাপাৰক, মইতো ভগৱান শিৱৰ ভক্ত, মই সকলো বিহ পান কৰি লওঁ। কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয়, মই সহ্য কৰিব নোৱাৰো।
৫) বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পূৰ্বে আজি পৰ্বতঝোৰাত নিৰ্বাচনী হিংসা। দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। ইয়াকে লৈ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
৬)এছিয়া কাপ ২০২৫ত আজি ভাৰত-পাকিস্তানৰ খেল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই টি-২০ মেচখন। দুয়োটা দলেই এছিয়া কাপৰ প্ৰথমখন মেচত জয়ী হৈ আজি দ্বিতীয়খন মেচ খেলিব। এই খেলত নজৰ সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ।
৭) এছিয়া কাপৰ ভাৰত-পাক মেচৰ বিৰোধিতা বিভিন্নজনৰ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা সন্তোষ জগদলেৰ কন্যা আছাৱৰী জগদলেই মেচ সন্দৰ্ভত কয়, মই ভাবো আজিৰ মেচখন হ’ব নালাগিছিল। এতিয়াও কিছু সময় আছে। এয়া বৰ লজ্জাজনক। পহলগাম কাণ্ডৰ ৬ মাহো হোৱা নাই। মোৰ বেয়া লাগে যে এই সকলোবোৰৰ মাজতো তেওঁলোকৰ এই মেচখন আয়োজন কৰাত কোনো লাজ পোৱা নাই।
৮)শনিবাৰে লণ্ডনত ১ লাখৰো অধিক লোকে ‘ইউনাইট দ্য কিংডম’ নামেৰে এক ৰেলী উলিয়ায়। ইয়াৰ নেতৃত্ব দিয়ে প্ৰব্ৰজন বিৰোধী নেতা টমী ৰবিনছন। এই প্ৰব্ৰজন বিৰোধী ৰেলী ব্ৰিটেইনৰ সৰ্ববৃহৎ সোঁপন্থী ৰেলী বুলি গণ্য কৰা হয়। এই সময়চোৱাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজতো সংঘৰ্ষ সংঘটিত হয়, য’ত ২৬জন আৰক্ষী আহত হয়, ৪জনৰ অৱস্থা সংকটজনক।
৯)দেওবাৰে নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ১২ ছেপ্টেম্বৰত শপতগ্ৰহণ কৰিছিল। তেওঁ কয় যে, অনিষ্ট কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব। লগতে কয় যে, চৰকাৰ বিৰোধী আন্দোলনত নিহত হোৱাসকলক শ্বহীদ ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰে কাৰ্কীয়ে।
অন্য খবৰ পঢ়কঃ মই ভগৱান শিৱৰ ভক্ত, সকলো বিহ পান কৰি লওঁঃ নৰেন্দ্ৰ মোদী