অমিতা গুটিৰ এনে গুণৰ কথা জানেনে আপুনি? হ’ব আচৰিত

14 Sep 2025

TV9 ASSAM

দেহ উপকাৰী বহু গুণেৰে ভৰপূৰ অমিতা। অমিতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাচনতন্ত্ৰৰ কাম-কাজ উন্নত কৰে, ছালৰ সমস্যা দূৰ কৰে, ওজন হ্ৰাসতো সহায় কৰে।

অমিতা

কেৱল অমিতাই নহয়, অমিতাৰ গুটিতো থাকে বহু উপকাৰী গুণ। ইয়াত ভিটামিন, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, বহু খনিজ পদাৰ্থ থাকে। সেয়ে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী।

অমিতাৰ গুটি

অমিতাৰ গুটিত পেপেইন নামৰ এবিধ এনজাইম পোৱা যায়। এই এনজাইম খাদ্য হজম কৰাত সহায়ক। লগতে ই কোষ্ঠকাঠিন্যৰ সমস্যাত সকাহ দিয়ে, পেটৰ কৃমি আঁতৰ কৰে।

পাচনতন্ত্ৰ

অমিতাৰ গুটিত এণ্টিঅক্সিডেণ্টি উপলব্ধ। সেয়ে ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে। এইদৰে অমিতাৰ গুটিৰ সহায়ত দেহত ৰোগৰ আক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়।

ৰোগ প্ৰতিৰোধ ক্ষমতা

বিশেষজ্ঞসকলৰ মতে, অমিতাৰ গুটিত ওমেগা-৩ ফেটি এচিডো উপলব্ধ। এই ওমেগা-৩ ফেটি এচিডে দেহৰ অপকাৰী কলেষ্টেৰল হ্ৰাস কৰে আৰু এইদৰে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হয়।

হৃদযন্ত্ৰৰ উপকাৰী

অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। দেহৰ বাবে অতি প্ৰয়োজনীয় এই উপাদানে ভোক নিয়ন্ত্ৰণত সহায় কৰে। এইদৰে অমিতাৰ গুটিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

ওজন হ্ৰাসত সহায়ক

অমিতাৰ গুটিয়ে যকৃত আৰু বৃক্ক পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰাত সহায় কৰে, ফলত দেহ সুস্থ হৈ থাকে। গতিকে অমিতাৰ গুটি পেলাই দিয়াৰ ভুল নকৰিব।

প্ৰাকৃতিক ডিটক্স

পঢ়িবলৈ ক্লিক কৰক 

ডিহাইড্ৰেচনৰ সমস্যা দূৰ কৰিব এনে পানীয়ই