শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মই ভগৱান শিৱৰ ভক্ত, সকলো বিহ পান কৰি লওঁঃ নৰেন্দ্ৰ মোদী

অসমত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। এই সময়চোৱাত মোদীয়ে আজি দৰঙত এক বিশাল জনসভা সম্বোধন কৰে। য'ত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে।

মই ভগৱান শিৱৰ ভক্ত, সকলো বিহ পান কৰি লওঁঃ নৰেন্দ্ৰ মোদী
নৰেন্দ্ৰ মোদীImage Credit source: X
barasha-sarma
Barasha Sarma | Published: 14 Sep 2025 15:51 PM

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। এই সময়চোৱাত মোদী দৰঙত উপস্থিত হৈ ৬৩০০ কোটি টকা ব্যয়েৰে তিনিটা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শিলান্যাস কৰে। ইয়াৰ ভিতৰত আছে ৫৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৪৫৩০ কোটি টকা ব্য়য়েৰে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু ১২০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া কুৰুৱা-নাৰেংগী সংযোগী দলং।

এই সময়চোৱাত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। তেওঁ ভগৱান শিৱৰ দৰে সকলো বিহপান কৰে বুলি কয়। লগতে কয় যে, অপাৰেশ্যন সেন্দূৰৰ পাছত মোৰ এয়া প্ৰথম অসম ভ্ৰমণ। মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেশ্যন সেন্দূৰে সফলতা লাভ কৰিছে।

মোদীয়ে কয় যে, “মাত্ৰ কেইটামান দিন পূৰ্বে আমি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰিছো। কালি তেওঁৰ সন্মানত অনুষ্ঠিত হোৱা এক ডাঙৰ অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ লাভ কৰিছিল। অসমৰ এনে এজন মহান সন্তান আৰু আমাৰ পূৰ্বপুৰুষসকলে যি সপোন দেখুৱাইছিল সেই সপোন পূৰণৰ ক্ষেত্ৰত বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে সদায় কাম কৰি গৈছে”।

তাৰ পাছত আৰু কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মোক কংগ্ৰেছ দলৰ সভাপতিৰ এটা ভিডিঅ’ দেখুৱালে। যিদিনা ভাৰত চৰকাৰে দেশৰ মহান পুত্ৰ তথা অসমৰ গৌৰৱ ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিছিল সেইদিনা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য দিছিল যে মোদীয়ে ‘নৃত্যশিল্পী-গায়ক’ক ভাৰতৰত্ন দিছে”।

কংগ্ৰেছে ভূপেন হাজৰিকাক কৰা অপমান সন্দৰ্ভত আৰু মোদীয়ে কয়,” ১৯৬২ চনত চীনৰ সৈতে হোৱা যুদ্ধৰ পিছত পণ্ডিত নেহৰুৱে যি কৈছিল সেই আঘাত উত্তৰ-পূবৰ মানুহে আজিও পাহৰিব পৰা নাই। বৰ্তমান কংগ্ৰেছৰ প্ৰজন্মইও সেই ঘাঁত নিমখ দিয়াৰ কাম কৰিছে। সাধাৰণতে, মোক যিমানেই গালি নাপাৰক, মইতো ভগৱান শিৱৰ ভক্ত, মই সকলো বিহ পান কৰি লওঁ। কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয়, মই সহ্য কৰিব নোৱাৰো”।

মোদীয়ে আৰু কয়, “মই জানো কংগ্ৰেছৰ সমগ্ৰ শক্তিয়ে আজি মোক আক্ৰমণ কৰিব। মোৰ বাবে জনসাধাৰণ মোৰ ঈশ্বৰ, যদি মোৰ আত্মাই মোৰ ভগৱানৰ লগত কথা পাতিব নোৱাৰে, তেন্তে কাৰ লগত কথা পাতিব। তেওঁলোক মোৰ মালিক, মোৰ ৰিমোট কন্ট্ৰ’ল, মোৰ বাবে আন কোনো ৰিমোট কন্ট্ৰ’ল নাই”।

মোদীয়ে আৰু কয়, উন্নত ভাৰত গঢ় দিবলৈ আজি সমগ্ৰ দেশ আগবাঢ়িছে। বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম, তেওঁলোকৰ বাবে উন্নত ভাৰত এটা সপোনৰ দৰে এক সংকল্পও। য’ত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা বহুত বেছি। এই সময় উত্তৰ-পূবৰ বুলিও কয় মোদীয়ে।

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সাৰ্বভৌমত্ব দুৰ্বল কৰাৰ ষড়যন্ত্ৰ- অসমৰ সাংসদ আৰু বিদেশী পত্নীৰ বিৰুদ্ধে কি আছে SIT ৰ প্ৰতিবেদনত…