প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ… দিনটোৰ শীৰ্ষ খবৰ
আজি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক। বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লয় নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰি জনসাধাৰণক শক্তি প্ৰদান কৰি আহিছে। গুৱাহাটীত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সংঘাতৰ প্ৰায় দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চুৰাচান্দপুৰত গৃহহীন লোকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে প্ৰায় ৭,৩০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতেই তেওঁ ইম্ফলতো জনসভা সম্বোধন কৰে। গোষ্ঠী সংঘৰ্ষৰ প্ৰায় দুবছৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত উপস্থিত হোৱা কাৰ্যক সমালোচনা কংগ্ৰেছৰ।