Gold Bond Price News: আজিৰ দিনত চ’ভেৰেন গোল্ড বণ্ড কিনিব নে নিকিনিব? বিশেষজ্ঞৰ পৰা জানক
সোণত বিনিয়োগ কৰিব বিচাৰিলে Sovereign Gold Bond বা SGB এটা জনপ্ৰিয় মাধ্যম। কিন্তু চৰকাৰে এতিয়া নতুন SGB জাৰি কৰা নাই। ফলত NSE বা BSE ৰ পৰা কিনিবলগীয়া হৈছে। ইয়াতেই আছে মূল সমস্যাটো।
আমেৰিকাৰ চাকৰিৰ বজাৰখন বেয়া। বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আৰু এই তথ্য পোহৰলৈ অহাৰ পিছত বিশ্ব বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। আমাৰ দেশত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১০ হাজাৰ অতিক্ৰম কৰিলে। এনে পৰিস্থিতিত এতিয়া সোণ কিনাকলৈ চিন্তিত সাধাৰণ বিনিয়োগকাৰী।
বিশেষজ্ঞসকলে কয় যে ,অতি সোনকালে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ আৰু অধিক হ্ৰাস কৰিব পাৰে। আৰু সেই আশাৰে দাম বাঢ়িছে সোণৰ। ইয়াৰ মূল্য ৩ হাজাৰ ৬৫০ হৈছে আৰু ইয়াৰ মূল্য অতি সোনকালে ৪ হাজাৰ ডলাৰ হোৱাৰ সম্ভাৱনা আছে।
Latest Videos