হৃদয় বিদাৰক! ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহন, দুই শিশুসহ একেটা পৰিয়ালৰ ৭জন নিহত
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি সকলোকে চিকিৎসালয়লৈ লৈ যায়। কিন্তু দুৰ্ঘটনাত আহত গুৰুতৰ হৈ পৰাৰ বাবে তেওঁলোকৰ প্ৰাণৰক্ষা সম্ভৱ হৈ নুঠিল।

ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২ শিশুসহ ৭ জন লোকৰ শোকাৱহভাৱে মৃত্যু হয়। নিহত লোকসকল একেটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে। জয়পুৰ ভাটিকা ৰিং ৰোডত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে এই লোকসকল নিজা বাহনেৰে হৰিদ্বাৰৰ পৰা উভতি আহিছিল। কিন্তু যাত্ৰাৰত অৱস্থাতে হঠাৎ বাহনখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু পথত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে লোককেইজনৰ। এই শোকাৱহ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি সকলোকে চিকিৎসালয়লৈ লৈ যায়। কিন্তু দুৰ্ঘটনাত আহত গুৰুতৰ হৈ পৰাৰ বাবে তেওঁলোকৰ প্ৰাণৰক্ষা সম্ভৱ হৈ নুঠিল। দুৰ্ঘটনাত নিহত লোকসকলৰ মাজত দুই শিশু আৰু দুগৰাকী মহিলাসহ তিনিজন পুৰুষ যাত্ৰী বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি পৰিয়ালৰ লোকৰ অস্থি বিসৰ্জন দি হৰিদ্বাৰৰ পৰা উভতি আহিছিল যাত্ৰী কেইজন। জয়পুৰ ভাটিকা ৰিং ৰোডত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন বাগৰি পৰাৰ পিছতে ঘটনাস্থলীৰ কাষ চাপি আহে স্থানীয় একাংশ লোক। স্থানীয় ৰাইজে এই দুৰ্ঘটনা সম্পৰ্কে লগে লগে আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।
এম্বুলেঞ্চৰ সহায়ত আৰক্ষীয়ে বাহনখনৰ সকলো যাত্ৰীকে চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে চিকিৎসকে আটাইকেইজন লোককে নিহত ঘোষণা কৰে। বৰ্তমান সমগ্ৰ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিহত লোসকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
নিহত লোককেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও আৰক্ষীয়ে সদৰী কৰিছে। তথ্য অনুসৰি নিহত লোককেইজন হৈছে ক্ৰমে ৰামৰাজ বৈষ্ণৱ, তেওঁৰ পত্নী মধু আৰু পুত্ৰ ৰুদ্ৰ, কালুৰাম, তেওঁৰ পত্নী সীমা আৰু পুত্ৰদ্বয় ৰোহিত আৰু গজৰাজ। মৃত লোক কেইজন ফুলীয়াৱাছ কেকৰি আৰু জয়পুৰ বাটিকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।