শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মানি নলয় ভাৰতে ! ৩৫ মিনিটৰ বাৰ্তালাপত ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ দাবী নাকচ কৰিলে প্ৰধানমন্ত্ৰীয়ে…

ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰায় ৩৫ মিনিট সময় ফোন যোগে কথা পাতিছিল ট্ৰাম্প আৰু মোদীয়ে । এই সময়ত দুয়োগৰাকী নেতাৰ বহু কথা আলোচনা হৈছিল ।

মানি নলয় ভাৰতে ! ৩৫ মিনিটৰ বাৰ্তালাপত ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ দাবী নাকচ কৰিলে প্ৰধানমন্ত্ৰীয়ে…
ড’নাল্ড ট্ৰাম্পৰ আৰু প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 18 Jun 2025 12:23 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ফোন যোগে বাৰ্তালাপ হৈছিল দুয়োগৰাকী নেতাৰ মাজত । এই সময়ত প্ৰায় ৩৫ মিনিট সময় কথা পাতিছিল ট্ৰাম্প আৰু মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ স্পষ্টিকৈ ট্ৰাম্পক কয় যে, ভাৰতে কেতিয়াও আমেৰিকাৰ মধ্যস্থতা গ্ৰহণ কৰা নাই, সেই দাবী ভাৰতে মানি লোৱা নাই আৰু কেতিয়াও সেই মধ্যস্থতা গ্ৰহণ নকৰে। দৰাচলতে যোৱা মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ সময়ত ট্ৰাম্পে মধ্যস্থতা কৰা বুলি বহুবাৰ দাবী কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সমগ্ৰ বিশ্বক কৈ আহিছে যে, তেওঁৰ বাবেই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্ভৱ হৈছিল। দুয়োখন দেশৰ মাজত শান্তিৰ কৃতিত্ব তেওঁ নিজেই লৈছিল।

ট্ৰাম্পৰ এই দাবীৰ পিছত কংগ্ৰেছে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ সকলো নেতাই প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ সন্মুখত প্ৰণাম কৰিলে বুলি অভিযোগ উত্থাপন কৰিছিল। আনকি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আত্মসমৰ্পণ কৰা বুলিও কৈছিল।

কানাডাত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বৈঠকত মিলিত হোৱাৰ কথা আছিল। ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ বাবে ট্ৰাম্পে সোনকালে আমেৰিকালৈ উভতি যাবলগীয়া হয় । যাৰ বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।

ইয়াৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰোধত আজি দুয়োজন নেতাই ফোনত কথা পাতিলে। প্ৰায় ৩৫ মিনিট ধৰি দুয়োগৰাকীৰ নেতাৰ মাজত কথা-বতৰা চলিল। ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক ফোনযোগে শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমৰ্থন প্ৰকাশ কৰিছিল। ইয়াৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এইটোৱেই আছিল প্ৰথম বাৰ্তালাপ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে অপাৰেচন সেন্দূৰৰ সন্দৰ্ভত বিতংভাৱে কথা পাতিছিল। তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কৈছিল যে, ২২ এপ্ৰিলৰ পিছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা সমগ্ৰ বিশ্বক জনাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় য, ৬-৭ মে’ৰ নিশা ভাৰতে কেৱল পাকিস্তান আৰু PoK ত থকা সন্ত্ৰাসবাদী আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কয় যে, এই সমগ্ৰ ঘটনাৰ সময়ত ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতা আদি বিষয় কেতিয়াও কোনো স্তৰতে আলোচনা হোৱা নাছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰীয়ে বিতংভাৱে কোৱা কথাবোৰ বুজি পাই ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, ভাৰতে এতিয়া সন্ত্ৰাসবাদক প্ৰক্সি যুদ্ধ নহয়, প্ৰত্যক্ষ যুদ্ধ হিচাপেহে দেখে আৰু ভাৰতৰ অপাৰেচন সেন্দূৰ এতিয়াও চলি আছে।

পাকিস্তানৰ ওপৰত ভাৰতৰ দ্ৰুত পদক্ষেপৰ পিছত ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে, আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সংঘটিত হৈছে। ইয়াৰ পিছতে পাকিস্তানেও যুদ্ধবিৰতি নিশ্চিত কৰে। অৱশ্যে ভাৰতে স্পষ্টকৈ কৈছিল যে, যুদ্ধবিৰতিত তৃতীয় দেশৰ কোনো ভূমিকা নাই। ভাৰতে ট্ৰাম্পৰ এই দাবী এবাৰ নহয় কেইবাবাৰো নাকচ কৰিছিল।