ছালৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণ দেখা যায়?

18 JUNE 2025

TV9 ASSAM

ছালৰ কৰ্কট ৰোগ এক ভয়াৱহ ৰোগ। যেতিয়া ছালৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া এই ৰোগ হয়। ইয়াৰ কাৰণবোৰ জানো আহক।

ছালৰ কৰ্কট ৰোগ

সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ কৰ্কট ৰোগ হ’ব পাৰে। ইয়াৰ উপৰিও প্ৰদূষণ আৰু উচ্চ ৰাসায়নিক পদাৰ্থ থকা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰো ইয়াৰ কাৰণত অন্তৰ্ভুক্ত।

কাৰণ কি

শৰীৰত ছালৰ কৰ্কট ৰোগ হোৱাৰ আগতেই বহুতো লক্ষণ দেখা দিয়ে। এইবোৰক আওকাণ কৰা উচিত নহয়।

 লক্ষণ 

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে বুজাইছে যে ছালত এটা ক’লা ফোহা বা ফুলা অংশ দেখা যায়, যাৰ ৰং সময়ে সময়ে সলনি হৈ থাকে। কেতিয়াবা অতি গাঢ়  আৰু কেতিয়াবা পাতল দেখাব পাৰে।

ফোহা

অনবৰতে ছালত খজুৱতি, বিষ বা জ্বলা-পোৰা অনুভৱ কৰাটোও ছালৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ এটা ঠাইত বাৰে বাৰে বিষ, জ্বলা-পোৰা বা খজুৱতি অনুভৱ কৰিলে এনে হয়।

খজুৱতি, বিষ বা জ্বলা-পোৰা

ছালত ৰঙা তিলৰ আবিৰ্ভাৱও ছালৰ কৰ্কট ৰোগৰ গুৰুতৰ লক্ষণ হ’ব পাৰে। এই তিলবোৰ বাঢ়িব পাৰে বা ৰং সলনি হ’ব পাৰে। এনে পৰিস্থিতিত সেইবোৰক আওকাণ নকৰিব।

ৰঙা তিল

যদি শৰীৰ বা ছালত এনে কোনো ঘা থাকে যিটো দীৰ্ঘদিন ধৰি নুশুকাই, তেন্তে সেয়া ছালৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে

ঘাঁ 

চাবলৈ ক্লিক কৰক 

মজিয়াত শোৱে নেকি? ইয়াৰ উপকাৰিতা জানক