TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ আজি তৃতীয় দিন, বিশেষ আকৰ্ষণ হ’ব DJ D’Ark, চাওক সম্পূৰ্ণ কাৰ্যসূচী
দুৰ্গা পূজাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান উপভোগৰ বাবে মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত বিগত দুটা দিনত দেখা গৈছে যথেষ্ট জনসমাগম। এই উৎসৱৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে বৃহৎ লাইফষ্টাইল এক্সপ’। ইয়াত দেশৰ লগতে বিদেশৰ পৰাও দুই শতাধিক প্ৰদৰ্শক উপস্থিত আছে।

নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ আজি তৃতীয় দিন। এই উৎসৱে ইতিমধ্যেই লাভ কৰিছে জনসাধাৰণৰ ব্যাপক সঁহাৰি। যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ অহা ২ অক্টোবৰলৈ চলি থাকিব। TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া পুনৰবাৰ সংস্কৃতি, শিল্প, খাদ্য, মনোৰঞ্জনৰ এক সজীৱ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। দেশৰ ভিতৰতে সৰ্বোচ্চ দুৰ্গা পূজা মণ্ডপ স্থাপন কৰি এক অনন্য দৃশ্যৰ সৃষ্টি কৰিছে এই মহোৎসৱে।
দুৰ্গা পূজাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান উপভোগৰ বাবে মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত বিগত দুটা দিনত দেখা গৈছে যথেষ্ট জনসমাগম। এই উৎসৱৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে বৃহৎ লাইফষ্টাইল এক্সপ’। ইয়াত দেশৰ লগতে বিদেশৰ পৰাও দুই শতাধিক প্ৰদৰ্শক উপস্থিত আছে। এই লাইফষ্টাইল এক্সপ’ত ভাৰত আৰু বিদেশৰ একচেটিয়া সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।
ঘৰুৱা সঁজুলি, কাপোৰ আৰু ফেশ্বনৰ অভিনৱ সংগ্ৰহৰ পৰা আৰম্ভ কৰি বিভিন্ন আচবাব লাইফষ্টাইল এক্সপ’ত উপলব্ধ হৈছে। TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ আজি তৃতীয় দিনা ১০:০০ বজাৰ পৰা পূজা আৰম্ভ হ’ব। সন্ধিয়া DJ D’Ark- এ অনুষ্ঠানত তুলিব সুৰৰ মুৰ্ছনা। আজি দিনটোৰ কাৰ্যসূচী হ’ব এনেধৰণৰ–
পূজা আৰম্ভ হ’ব পুৱা ১০:০০ বজাৰ পৰা।
পুষ্পাঞ্জলি (ফুল প্ৰসাদ) পুৱা ১১:৩০ বজাত।
ভোগ আগবঢ়োৱা হ’ব ১২:৩০ বজাত।
সন্ধি পূজা দূপৰীয়া ১:২১ বজাৰ পৰা ২:০৯ বজালৈ।
সান্ধ্য আৰতি নিশা ৮:০০ বজাত।
সন্ধিয়া অনুষ্ঠান পৰিৱেশন কৰিব DJ D’Ark- এ।
এইবাৰ TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত আয়োজন কৰা হৈছে এক দৰ্শনীয় ‘ডাণ্ডিয়া ডিজে নাইট’। নৱৰাত্ৰিৰ আনন্দ, গৰ্বা আৰু ডাণ্ডিয়াৰ শক্তি, আধুনিক ডিজে বিটৰ মিশ্ৰণ এই নিশা দিল্লীবাসীৰ বাবে হৈ পৰিব এক আনন্দৰ বিষয়। পৰম্পৰাগত সাজ-পোছাকেৰে ডাণ্ডিয়াৰ সুৰৰ সমান্তৰালকৈ ডিজেৰ সুৰ আৰু লাইভ বিটত নাচি উঠিব সকলো। সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব ডাণ্ডিয়া নাইট।
খাদ্যপ্ৰেমীসকলৰ বাবেও TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া ২০২৫ত এক বিশেষ খাদ্য জ’ন সৃষ্টি কৰা হৈছে। ইয়াত ভাৰতীয় খাদ্যৰ লগতে বিদেশী খাদ্যৰো জুতি ল’ব পাৰিব খাদ্যৰসিকসকলে। উল্লেখ্য যে এই উৎসৱৰ আৰম্ভণিত দিনা অৰ্থাৎ ২৮ ছেপ্টেম্বৰত জনপ্ৰিয় ‘ছাইয়াৰা’ৰ কণ্ঠশিল্পীদ্বয় সচেত-পৰম্পৰাই লাইভ কনচাৰ্ট পৰিৱেশন কৰি দৰ্শকক মোহিত কৰে।
কাইলৈ অৰ্থাৎ ১ অক্টোবৰত উৎসৱৰ চতুৰ্থ দিনা নিজৰ সুৰীয়া কণ্ঠৰে শ্ৰোতাৰ মন জয় কৰা বলীউডৰ তাৰকা কণ্ঠশিল্পী চানে অনুষ্ঠান পৰিৱেশন কৰিব। স্বাভাৱিকতেই চানৰ কণ্ঠই কাইলৈ মন্ত্ৰমুগ্ধ কৰিব মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত সমবেত দৰ্শকক।