শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৱাকফ সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদত হিংসাৰ জুই, শান্তিৰ আহ্বান মমতা বেনাৰ্জীৰ, বিজেপিয়ে দাবী তুলিছে মমতাৰ পদত্যাগৰ

অস্থিৰ মুৰ্শিদাবাদত পিতৃ-পুত্ৰক “হত্যা” কৰাৰ খবৰ পোহৰলৈ আহিছে । ঘৰৰ ভিতৰতে উদ্ধাৰ তেজেৰে তুমৰলি হৈ থকা মৃতদেহ । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ অভিযোগ উত্থাপন হৈছে দুয়োকে ।

ৱাকফ সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদত হিংসাৰ জুই, শান্তিৰ আহ্বান মমতা বেনাৰ্জীৰ, বিজেপিয়ে দাবী তুলিছে মমতাৰ পদত্যাগৰ
মুৰ্শিদাবাদৰ ছবি
Raj Saikia
Raj Saikia | Published: 12 Apr 2025 18:57 PM

ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে হিংসাৰ জুইত জ্বলিছে পশ্চিম বংগৰ মুৰ্শিদাবাদ । জংগীপুৰ, সুতি, ধুলিয়ান, শ্বমশ্বেৰগঞ্জ আৰু জাফৰাবাদত ব্যাপক প্ৰতিবাদ অব্যাহত আছে । ইফালে, অস্থিৰ মুৰ্শিদাবাদত পিতৃ-পুত্ৰক “হত্যা” কৰাৰো খবৰ পোহৰলৈ আহিছে । ঘৰৰ ভিতৰতে উদ্ধাৰ তেজেৰে তুমৰলি হৈ থকা মৃতদেহ । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ অভিযোগ উত্থাপন হৈছে দুয়োকে । কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ । শনিবাৰে সংঘটিত হৈছে এই ঘটনা । অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । এই ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বমশ্বেৰগঞ্জত মৃতকৰ ঘৰত এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল । লুণ্ঠনৰ উদ্দেশ্যেৰে দলটোৱে ঘৰটো লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে । যেতিয়া পিতৃ-পুত্ৰই তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁলোকক হত্যা কৰা বুলি অভিযোগ উঠিছে । মৃতদেহ দুটা ফাৰক্কা চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

কোৱা হৈছে যে তেওঁৰ শৰীৰত আঘাতৰ চিন আছে । ইফালে, আৰক্ষীক বাৰে বাৰে ফোন কৰাৰ পিছতো তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে । খবৰ পোৱাৰ লগে লগে বৃহৎ সংখ্যক আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয় । সকলো দিশৰ ওপৰত চকু ৰাখিছে বংগ আৰক্ষীয়ে ।

ইফালে কালি সুতিৰ সাজুৰ ক্ৰছিঙত গুলীচালনাত আহত এজন যুৱকৰ মৃত্যু হয় মুৰ্শিদাবাদ মেডিকেল কলেজ হাস্পতালত । মৃতদেহটো মুৰ্শিদাবাদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে । মৃত যুৱকজনৰ ঘৰ সাজুৰ মদ কাশিমনগৰ অঞ্চলত ।

মুৰ্শিদাবাদৰ হিংসাত্মক ঘটনাক লৈ মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰৰ । তেওঁ এক্সযোগে কয় যে মুৰ্শিদাবাদৰ বিভিন্ন প্ৰান্তত মৌলবাদীয়ে নিৰীহ লোকৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰাৰ পিছতো মমতাৰ মৌনতাই পশ্চিমবংগৰ প্ৰতিজন বঙালীৰ হৃদয়ত ভয়ৰ সৃষ্টি কৰিছে ।

তেওঁ কয়, “বিগত দিনবোৰত CAAৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত যিদৰে সংখ্যালঘু সম্প্ৰদায়ক বিপথে পৰিচালিত কৰিছিল আৰু আন্দোলনক সম্পূৰ্ণ হিংসালৈ ৰূপান্তৰিত কৰিছিল, ঠিক সেইদৰে আপুনি আকৌ এবাৰ ‘জুইত ঘিউ ঢালিছে’। যথেষ্ট প্ৰমাণ পোৱা যায় যে এই অৰাজকতা সম্পূৰ্ণৰূপে আপোনাৰ নিৰ্দেশনাত সংঘটিত হৈছে ।”

মুখ্যমন্ত্ৰী মমতাৰ পদত্যাগৰ দাবী সুকান্ত মজুমদাৰে । তেওঁ কয় যে CAA প্ৰতিবাদৰ সময়তো মমতা বেনাৰ্জীয়ে সংখ্যালঘু জনগোষ্ঠীক বিভ্ৰান্ত কৰি আন্দোলনটোক হিংসাত্মক কৰি তুলিছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক ধ্বংসলীলা সংঘটিত হ’লেও তেওঁ আৰক্ষী বাহিনীক অচল কৰি পেলাইছিল । এইবাৰো সংখ্যালঘু জনগোষ্ঠীক একেদৰেই বিপথে পৰিচালিত কৰি ৰাজ্যখনত অশান্তি আৰু অৰাজকতাৰ সৃষ্টি কৰিছে, যাৰ ফল মুৰ্শিদাবাদ, নদিয়া আৰু দক্ষিণ ২৪ পৰগনাত স্পষ্ট হৈ পৰিছে ।

মজুমদাৰে কয়, “যিকোনো কেন্দ্ৰীয় আইনৰ বিৰোধিতা কৰাটো সংবিধান আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শনৰ সমান, কিন্তু এখন ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে ভাৰতৰ সংবিধান ৰক্ষাৰ শপত গ্ৰহণ কৰাৰ পিছতো আপুনি এনে অবৈধ আৰু প্ৰকাশ্যভাৱে অসাংবিধানিক কাৰ্যত লিপ্ত হ’বলৈ সাহস কৰিছে । এতিয়া আপোনাৰ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ কোনো অধিকাৰ নাই!”

অৱশ্যে ৰাজ্যিক আৰক্ষীৰ ডিজি ৰাজীৱ কুমাৰে কয় যে আৰক্ষীক সহজভাৱে ল’ব নালাগে । পৰিস্থিতিৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ আৰক্ষী সদায় সাজু । ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শান্তিৰ বাৰ্তা দিয়া দেখা গ’ল এক্স হেণ্ডেলত ।

মমতাৰ স্পষ্ট কথা, “কিছুমান ৰাজনৈতিক দলে ৰাজনৈতিক সুবিধা লাভৰ বাবে ধৰ্মৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে । তেওঁলোকৰ বুজনিৰ ওচৰত হাৰ নামানিব ।” তেওঁ আৰু লিখিছে, “সকলো ধৰ্মৰ সকলো মানুহলৈ মোৰ আন্তৰিক আহ্বান, অনুগ্ৰহ কৰি শান্ত হৈ থাকক, সংযত হৈ থাকক । ধৰ্মৰ নামত কোনো ধৰণৰ বিধৰ্মী আচৰণ নকৰিব । প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া, ৰাজনীতিৰ স্বাৰ্থত অশান্তিৰ সৃষ্টি নকৰিব । অশান্তিৰ সৃষ্টি কৰা সকলে সমাজৰ ক্ষতি কৰিছে ।”