শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে পত্নীক হত্যা, তাৰ পিছত দুই কন্যাৰ সৈতে বুকু কঁপি উঠা ঘটনা! কাৰণ…

প্ৰায় ১০ দিন আগতে তাহিৰা আৰু তেওঁৰ দুগৰাকী কন্যা হঠাতে নিৰুদ্দেশ হৈ পৰিছিল। ফাৰুকৰ পিতৃ দাউদে অঘটন হোৱা বুলি আশংকা কৰি আৰক্ষীক খবৰ দিয়ে। যেতিয়া আৰক্ষীয়ে ফাৰুকক সোধা-পোছা কৰিবলৈ ধৰিলে। তেতিয়া আৰক্ষীক বিপথে পৰিচালিত কৰি থাকিল। কিন্তু কঠোৰ জেৰাৰ অন্তত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে।

প্ৰথমে পত্নীক হত্যা, তাৰ পিছত দুই কন্যাৰ সৈতে বুকু কঁপি উঠা ঘটনা! কাৰণ…
উত্তৰ প্ৰদেশত ত্ৰিপ'ল মাৰ্ডাৰ
Trishna Kalita
Trishna Kalita | Published: 17 Dec 2025 11:51 AM

উত্তৰ প্ৰদেশৰ ছামলীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। কান্ধলা আৰক্ষী থানা এলেকাৰ অন্তৰ্গত গাঁও গাঢ়ী দৌলাটত বোৰ্খা পৰিধান নকৰাক লৈ ঘৰুৱা বিবাদৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি পত্নীক হত্যা কৰাৰ পিছত দুগৰাকী কন্যাকো হত্যা কৰিছিল। ইয়াৰ পিছতে অভিযুক্তই সন্দেহৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ ঘৰৰ চোতালত খন্দা চেপ্টিক টেংকত মৃতদেহ তিনিটা পুতি থয়।

আৰক্ষীৰ তদন্ত অনুসৰি অভিযুক্তৰ নাম ফাৰুখ বুলি জানিব পৰা গৈছে। হোটেলত ৰুটি বনোৱা কাম কৰি পিতৃ আৰু ভাতৃৰ পৰা সুকীয়া ঘৰত বাস কৰিছিল। ফাৰুক তিনিগৰাকী কন্যা আৰু দুজন পুত্ৰকে ধৰি পাঁচটা সন্তান আছিল। অভিযোগ অনুসৰি ফাৰুক পত্নী তাহিৰা আৰু কন্যা আফ্ৰিন (১৬) আৰু চেহৰিন (১৪)ক পৰ্দাৰ আঁৰত থাকিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তাহিৰাই এই কথাত সন্মতি নিদিয়াত দম্পতীৰ মাজত সঘনাই কাজিয়া হৈছিল। ফাৰুকে ইয়াক সামাজিক অপমান হিচাপে কৰিছিল।

প্ৰায় ১০ দিন আগতে তাহিৰা আৰু তেওঁৰ দুগৰাকী কন্যা হঠাতে নিৰুদ্দেশ হৈ পৰিছিল। ফাৰুকৰ পিতৃ দাউদে অঘটন হোৱা বুলি আশংকা কৰি আৰক্ষীক খবৰ দিয়ে। যেতিয়া আৰক্ষীয়ে ফাৰুকক সোধা-পোছা কৰিবলৈ ধৰিলে। তেতিয়া আৰক্ষীক বিপথে পৰিচালিত কৰি থাকিল। কিন্তু কঠোৰ জেৰাৰ অন্তত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীৰ জেৰাৰ সময়ত ফাৰুকে উল্লেখ কৰে যে তেওঁৰ পত্নী আৰু কন্যাই বোৰ্কা নিপিন্ধাকৈ ঘৰৰ বাহিৰলৈ ওলাই যাব বুলি তেওঁ বিচলিত হৈ পৰিছিল। এই খঙৰ বাবেই তেওঁ তিনিওকে হত্যা কৰিলে। তেওঁ কৈৰানাৰ পৰা এটা অবৈধ পিষ্টল আৰু কাৰ্টিজ ক্ৰয় কৰি ঘৰৰ চোতালত চেপ্টিক টেংক খান্দিছিল। ঘটনাৰ সময়ত পিতৃ-মাতৃৰ ঘৰত আছিল তেওঁৰ পত্নী তাহিৰা । ফাৰুকে তেওঁলোকক ঘৰলৈ মাতিছিল।

৮ ডিচেম্বৰৰ নিশা শুই থকা পত্নীক চাহৰ অজুহাতত জগাই আৰু গুলীয়াই হত্যা কৰে। বন্দুকৰ গুলী শুনি দুয়োজনী ছোৱালী সাৰ পাই উঠিল। ফাৰুক ডাঙৰ কন্যা আফ্ৰিনক গুলীয়াই হত্যা কৰাৰ লগতে সৰু কন্যা চেহৰিনক ডিঙি চেপি হত্যা কৰে।

হত্যাকাণ্ডৰ পিছত অভিযুক্তই মৃতদেহ তিনিটা চেপ্টিক টেংকত পুতি থয়। পৰিয়াল আৰু গাঁৱৰ মানুহক বিপথে পৰিচালিত কৰিবলৈ তেওঁ এটা কাহিনী ৰচনা কৰিছিল যে তেওঁ পত্নী আৰু সন্তানৰ সৈতে ছামলীৰ ভাড়াঘৰত থাকে। কেইবাদিনো তাহিৰা আৰু ছোৱালীকেইজনীক বিচাৰি নোপোৱাত পৰিয়ালটোৰ সন্দেহ গভীৰ হৈ পৰে আৰু তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

মঙলবাৰে সন্ধিয়া ফাৰুকৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে চেপ্টিক টেংকটো খনন কৰে, য’ত মৃতদেহ তিনিটা উদ্ধাৰ হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক এন পি সিঙে জনোৱা মতে, মহিলাগৰাকী আৰু দুগৰাকী ছোৱালী নিৰুদ্দেশ হোৱা বুলি গাঁওবুঢ়াই জনাইছে। তদন্তৰ সময়ত স্বামীক সোধা-পোছা কৰা হয়, আৰু তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি এই গোচৰত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।