শতাধিক যাত্ৰীসহ দুঘণ্টা জুৰি আকাশতে উৰি ৰ’ল বিজুতিগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানঃ তাৰ পিছত…
কাৰিকৰী বিজুতিৰ বাবে আজি শতাধিক যাত্ৰীসহ দুঘণ্টাতকৈ অধিক সময় ধৰি তামিলনাডুৰ আকাশতে উৰি ৰ’ল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। অৱশেষত এই উৎকণ্ঠাৰ অন্ত পেলাই কোনো হানি-বিঘিনি নঘটাকৈ জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ। এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখন তামিলনাডুৰ ত্ৰিচিৰ পৰা শ্বাৰজাহ অভিমুখে ৰাওনা হৈছিল।
তামিলনাডুৰ আকাশমাৰ্গত আজি সৃষ্টি হ’ল এক উদ্বেগজনক পৰিস্থিতিৰ। কাৰিকৰী বিজুতিৰ বাবে শতাধিক যাত্ৰীসহ দুঘণ্টাতকৈ অধিক সময় ধৰি আকাশতে উৰি ৰ’ল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। অৱশেষত এই উৎকণ্ঠাৰ অন্ত পেলাই কোনো হানি-বিঘিনি নঘটাকৈ জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ। এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখন তামিলনাডুৰ ত্ৰিচিৰ পৰা শ্বাৰজাহ অভিমুখে ৰাওনা হৈছিল। বিমানখনে বহু সময় আকাশত উৰি থকাৰ পিছত অৱশেষত সফলতাৰে জৰুৰীকালীন অৱতৰণ কৰা হয়।
তথ্য অনুসৰি এই বিপদৰ সন্মুখীন হোৱা বিমানখনৰ লেণ্ডিং গিয়াৰত কিছু সমস্যাৰ সৃষ্টি হৈছিল। এনে সমস্যাৰ বাবে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। বিমানখনত মুঠ ১৪১ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। টিভি৯ তামিলত প্ৰকাশিত খবৰ মতে, বিমানখন আকাশত থকাৰ সময়ত বিমানৰ চকাসমূহ ভিতৰলৈ যোৱা নাছিল।
ইয়াৰ ফলত বিমানখনৰ বাবে অধিক কাৰ্যকৰী সমস্যাৰ সৃষ্টি হৈছিল। সেয়ে বিমানখনৰ ইন্ধন শেষ হোৱাৰ পিছতে বিমানখন অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছিল বিষয়াসকলে। ইন্ধন ভৰ্তি বিমান এখনৰ জৰুৰী অৱতৰণৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে আৰু সেয়ে ইন্ধন শেষ হোৱাৰ পিছতহে এয়াৰ ইণ্ডিয়াৰ বিমানখন অৱতৰণ কৰা হয়।
বিমানখনৰ জৰুৰী অৱতৰণৰ তথ্য লাভ কৰাৰ পিছত কেইবাখনো এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনো বিমানবন্দৰত মোতায়েন কৰা হয়। অৱশ্যে বিমানখন নিৰাপদে বিমানবন্দৰত অৱতৰণ কৰাবলৈ সক্ষম হয় পাইলটে। অৱতৰণৰ পাছতে বিমানত থকা সকলো যাত্ৰীক বিমানখনৰ পৰা নিৰাপদে উলিয়াই অনা হয়।
বিমানখনৰ জৰুৰী অৱতৰণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিমানবন্দৰত হাই এলাৰ্ট জাৰি কৰা হয় আৰু কিছু ৰাণৱেত বিমানৰ গতিবিধিও ডাইভাৰ্ট কৰা হয়। ইফালে বিমানখন নিৰাপদে অৱতৰণ কৰাৰ পিছতহে বিমানবন্দৰৰ পৰিস্থিতি স্বাভাৱিক হয়। এই সমস্যাৰ সমাধান হোৱাৰ পিছত বিমানবন্দৰটোত বিমানৰ গতিবিধিও পুনৰ আৰম্ভ কৰা হয়।
ইফালে বিমানখনে সন্মুখীন হোৱা এই অনাকাংক্ষিত সমস্যাৰ তদন্ত অব্যাহত ৰাখিছে এয়াৰ ইণ্ডিয়াৰ বিষয়া-অভিযন্তাসকলে। বিমানখনৰ অৱতৰণ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক টুইট যোগে সকাহ প্ৰকাশ কৰে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন নিৰাপদে অৱতৰণ হোৱাৰ খবৰত তেওঁ আনন্দিত হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লেণ্ডিং গিয়াৰৰ সমস্যাৰ খবৰ পোৱাৰ লগে লগে তেওঁ ফোনযোগে বিষয়াসকলৰ সৈতে জৰুৰীকালীন বৈঠকত মিলিত হৈ সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি টুইটটোত উল্লেখ কৰে। তেওঁ লগতে জিলা উপায়ুক্তক সকলো যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তথা নিৰাপদ অৱতৰণৰ বাবে কেপ্তেইন আৰু ক্ৰুক অধিক সহায় আগবঢ়াবলৈ নিৰ্দেশনা দিয়া বুলিও লগতে কয়।