ৰে’লৰ শৌচাগাৰত শিশুৰ মৃতদেহ, দৃশ্য দেখি হতবাক! নিজ আত্মীয়ই…
প্ৰাথমিক তদন্তত স্পষ্ট হৈ পৰিছে যে শিশুটিৰ ডিঙি কাটি হত্যা কৰা হৈছে। তথ্য অনুসৰি হত্যাৰ অভিযোগত অভিযুক্ত ব্যক্তিজন মৃত শিশুটিৰ আত্মীয় (ভাতৃ) বুলি জানিব পৰা গৈছে। বৰ্তমান জি আৰ পি আৰু আৰ পি এফে যৌথভাৱে বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

মুম্বাইৰ লোকমান্য তিলক টাৰ্মিনাছত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। গোৰখপুৰৰ পৰা মুম্বাইলৈ অহা কুশনগৰ এক্সপ্ৰেছ ৰে’লৰ শৌচাগাৰত থকা ডাষ্টবিনৰ পৰা ৫ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে আৰ পি এফ আৰু জি আৰ পিৰ দলটোৱে সেই স্থানত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজাৱদী হাস্পতাললৈ প্ৰেৰণ কৰে।
প্ৰাথমিক তদন্তত স্পষ্ট হৈ পৰিছে যে শিশুটিৰ ডিঙি কাটি হত্যা কৰা হৈছে। তথ্য অনুসৰি হত্যাৰ অভিযোগত অভিযুক্ত ব্যক্তিজন মৃত শিশুটিৰ আত্মীয় (ভাতৃ) বুলি জানিব পৰা গৈছে। যাৰ বয়স প্ৰায় ২৫ বছৰ বুলি কোৱা হয়। আৰক্ষীৰ মতে, পাৰিবাৰিক বিবাদৰ বাবেই এই ঘটনা সংঘটিত হয়। বৰ্তমান জি আৰ পি আৰু আৰ পি এফে যৌথভাৱে বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত কৰি আছে। এই ঘটনাৰ বাবে যাত্ৰীসকলৰ মাজত আতংক আৰু চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি হয়।
ৰে’লৱে আয়ুক্ত ৰাকেশ কালা সাগৰে টিভি ৯ৰ আগত শিশুটিৰ নিৰুদ্দেশ হোৱা অভিযোগ চুৰাটত পঞ্জীয়ন হোৱা বুলি অৱগত কৰে। দুদিন পূৰ্বে চুৰাট আৰক্ষীত এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছতে চুৰাট আৰক্ষীয়ে শিশুটিক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰিছিল।
চুৰাট আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে যৌথভাৱে অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে। ঘটনা সন্দৰ্ভত বহু প্ৰশ্নৰ উত্তৰ বিচাৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্তত জানিবলৈ চেষ্টা চলাইছে যে শিশুটি কেনেকৈ তাত উপস্থিত হৈছিল আৰু হত্যাৰ কাৰণ কি আছিল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোহৰলৈ আহিব যেতিয়া অভিযুক্ত ধৰা পৰিব।
বিষয়টোৰ তদন্ত চলি থকা বুলি ৰে’ল আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পাৰিবাৰিক বিবাদৰ বাবে অভিযুক্তই এনে ভয়ানক পদক্ষেপ গ্ৰহণ কৰিছে। পুৱা ১ বজাত কুশিনগৰ এলটিটি কোচত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, এয়া এক অতি বেদনাদায়ক ঘটনা।
তথ্য অনুসৰি লোকমান্য তিলক টাৰ্মিনাছ কুশনগৰ এক্সপ্ৰেছৰ এ চি কোচ বি ২ৰ বাথৰুমত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। মৃতদেহটো তাত ৰখা ডাষ্টবিনত লুকুৱাই ৰাখিছিল। এই সন্দেহজনক পৰিস্থিতি দেখি যাত্ৰীসকলে স্তম্ভিত হৈ ততাতৈয়াকৈ ৰে’লৱেৰ কৰ্মচাৰীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।