শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ সৈতে মুখামুখি খুন্দা অটোৰঃ প্ৰাণ হেৰুৱালে ৮ জনে, গুৰুতৰভাৱে আহত ৫ জন

গংগা নদীত স্নান কৰাৰ উদ্দেশ্যে এই লোকসকল অটোৰে পাটনালৈ ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। পিছে যাত্ৰাৰ সময়তে অটোখনত সমুখৰ পৰা আহি থকা এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰে।

ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ সৈতে মুখামুখি খুন্দা অটোৰঃ প্ৰাণ হেৰুৱালে ৮ জনে, গুৰুতৰভাৱে আহত ৫ জন
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 23 Aug 2025 10:19 AM

বিহাৰৰ পাটনাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে জনকৈ লোকৰ পাটনাৰ শ্বাহজাহানপুৰ থানা এলেকাত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এখন যাত্ৰীবাহী অটো আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এনে হৃদয় বিদাৰক ঘটনা সংঘটিত হয় দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে

সম্প্ৰতি আৰক্ষীয়ে এই ভয়ংকৰ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে প্ৰকাশিত খবৰ অনুসৰি, আজি পুৱা শ্বাহজাহানপুৰ থানা এলেকাৰ দনিয়াৱান হিলছা ৰাজ্যিক ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত অটোখনত যাত্ৰা কৰা লোকসকল নালন্দা জিলাৰ ৰেৰা মালামা নামৰ এখন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে

গংগা নদীত স্নান কৰাৰ উদ্দেশ্যে এই লোকসকল অটোৰে পাটনালৈ ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। পিছে যাত্ৰাৰ সময়তে অটোখনত সমুখৰ পৰা আহি থকা এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰে এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৭ জন লোকৰ। আনহাতে চিকিৎসালয়লৈ নি থকা অৱস্থাত আন এজন লোকে প্ৰাণ হেৰুৱায়

এই ভয়ংকৰ দুৰ্ঘটনাত অটোখনত থকা আন পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাত নিহত লোককলৰ ভিতৰত ৭ গৰাকী মহিলা আৰু এজন পুৰুষ আছে বুলি খবৰ প্ৰকাশ পাইছে। স্থানীয় ৰাইজে উল্লেখ কৰা মতে, অটোখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে অটোখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ কাষ চাপি অহাৰ লগতে স্থানীয় আৰক্ষী আৰু এম্বুলেন্সক এই বিষয়ে অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে ডানিয়াৱান থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইতিমধ্যে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে। আহতসকল সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দি আৰক্ষীয়ে লগতে পলাতক ট্ৰাক চালকজনৰ সন্ধানত অভিযান অব্যাহত আছে বুলি উল্লেখ কৰে