শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Online Gaming Law 2025: গেম খেলি ধন উপাৰ্জন কৰা বন্ধ, আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫

মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ আইনত পৰিণত হ’ল। অৱশ্যে এনে নহয় যে বিৰোধীৰ কোনো অভিযোগ নাছিল। বিৰোধীয়ে দাবী কৰে যে, তেওঁলোকৰ সৈতে এই বিধেয়ক সন্দৰ্ভত কোনো আলোচনা কৰা নাছিল শাসকীয় শিবিৰে।

Online Gaming Law 2025: গেম খেলি ধন উপাৰ্জন কৰা বন্ধ, আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 23 Aug 2025 13:55 PM

আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫। বিধেয়কখনে বুধবাৰে লোকসভাত অনুমোদন লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যসভাত অনুমোদন লাভ কৰে। ইয়াৰ পাছতে বিধেয়কখনক অৱশেষত শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।

মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ আইনত পৰিণত হ’ল। অৱশ্যে এনে নহয় যে বিৰোধীৰ কোনো অভিযোগ নাছিল। বিৰোধীয়ে দাবী কৰে যে, তেওঁলোকৰ সৈতে এই বিধেয়ক সন্দৰ্ভত কোনো আলোচনা কৰা নাছিল শাসকীয় শিবিৰে।

কিন্তু সেই সকলোবোৰ অভিযোগ অতিক্ৰম কৰি শেহতীয়াকৈ লোকসভাত উত্থাপন হোৱা এই বিধেয়কখন আইনত পৰিণত হ’ল। অনলাইন মানি গেমিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সামাজিক ব্যাধি’ বুলি অভিহিত কৰিছে। একেদৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীয়েও এই এপসমূহক ‘সামাজৰ বাবে ক্ষতিকাৰক’ বুলি অভিহিত কৰিছে।

Dream11, MPL ৰ দৰে এপ প্ৰায় প্ৰতি বছৰে IPL ৰ অন্যতম পৃষ্ঠপোষক হৈ পৰে। য’ত বৃহৎ পৰিমাণৰ টকাৰ লেনদেন হয়। কিন্তু তেওঁলোকে এই ধন ক’ৰ পৰা উপাৰ্জন কৰে? উত্তৰ, সাধাৰণ ৰাইজ। এই সকলোবোৰ গেমিং এপত ভাৰতত প্ৰতিমাহে গড়ে ১০ হাজাৰ কোটি টকাৰ লেনদেন হয়। আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই এপসমূহৰ বাবে প্ৰায় ৪৫ কোটি ভাৰতীয়ই কষ্টোপাৰ্জিত ২০ হাজাৰ কোটি টকা হেৰুৱাইছে।

কেৱল টকাৰ হিচাপেই নহয়, এই ফেণ্টাচি এপবোৰৰ কথা আহিলে মানসিক স্বাস্থ্যৰ বিষয়টোও আহি পৰে। বিশেষজ্ঞসকলে কয় যে, এই মানি গেমিং এপসমূহে মানুহৰ মাজত ইমানেই বিভ্ৰান্তিৰ সৃষ্টি কৰে যে ইয়াৰ প্ৰভাৱ তেওঁলোকৰ ব্যক্তিগত জীৱনতো পৰে। সেয়েহে এক বৃহৎ অংশই এইসমূহ এপ বন্ধ কৰাটো প্ৰয়োজনীয় বুলি বিশ্বাস কৰে।

কিন্তু কেন্দ্ৰই অনা বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পূৰ্বে Winzo, PokerBaazi দৰে বহু এপ বন্ধ হোৱাৰ কথা ঘোষণা কৰিছে। যদিও জনপ্ৰিয় মানি গেমিং এপ Dream11 য়ে নিজৰ স্থিতি প্ৰকাশ কৰা নাই, MPL, Zupee য়ে নিজৰ পেইড গেম বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।