শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৌচালয়ৰ নলাত জ্বলি যোৱা ধন, পানীৰ টেংকিত লক্ষ লক্ষ টকা… অভিযন্তাৰ কীৰ্তি দেখি চিকু কপালত উঠিল প্ৰশাসনৰ

জানিব পৰা মতে অৰ্থনৈতিক অপৰাধ শাখাই অভিযান চলোৱাৰ তথ্য লাভ কৰি বিনোদ কুমাৰ ৰায়ে নিজ গৃহত বহু ধন জ্বলাই দিয়ে। তালাচীৰ সময়ত বিভাগটোৱে ঘৰৰ টয়লেট পাইপৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা নোট উদ্ধাৰ কৰে।

শৌচালয়ৰ নলাত জ্বলি যোৱা ধন, পানীৰ টেংকিত লক্ষ লক্ষ টকা… অভিযন্তাৰ কীৰ্তি দেখি চিকু কপালত উঠিল প্ৰশাসনৰ
অভিযন্তাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধনImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 23 Aug 2025 14:18 PM

ধনৰ লোভে মানুহক যিকোনো পৰ্যায়লৈ লৈ যাব পাৰে অধিক ধন উপাৰ্জনৰ বাবে বহু লোকে অন্যায় পথৰো আশ্ৰয় লয় পিছে ধনৰ লোভে বহুসময়ত বিপদতো পেলাব পাৰে। বিহাৰৰ পাটনাতো দেখা গ’ল এনে এক দৃশ্য। পাটনাত অসৎ উপায়েৰে ধন উপাৰ্জন কৰি অৰ্থনৈতিক অপৰাধ শাখাৰ ফান্দত পৰিল ৰুৰেল ৱৰ্কছ ডিপাৰ্টমেণ্টৰ এগৰাকী অধীক্ষক অভিযন্তা পিছে আইনী প্ৰক্ৰিয়াৰ পৰা ৰেহাই পাবলৈ এই বিষয়াগৰাকীয়ে যি পন্থাৰ আশ্ৰয় লে, সেয়া দেখিহে চকু কপালত উঠিল সকলোৰে এই বিষয়াগৰাকীৰ নাম বিনোদ কুমাৰ ৰায়

অৰ্থনৈতিক অপৰাধ শাখাই প্ৰকাশ কৰা তথ্য অনুসৰি যেতিয়া বিনোদ কুমাৰ ৰায়ে তেওঁৰ বিৰুদ্ধে অভিযানৰ উমান পাই অসৎ উপায়েৰে আহৰণ কৰা ধনৰ এক বুজন অংশ জ্বলাই দিয়ে। কেৱল সিমানেই নহয়, বৃহৎ পৰিমাণৰ ধন তেওঁ পানী টেংকিত লুকুৱাই ৰাখে। পিছে ইমান চেষ্টা কৰিও তেওঁ অৰ্থনৈতিক অপৰাধ শাখাৰ নজৰৰ পৰা ৰক্ষা নপৰিল

প্ৰকাশিত খবৰ অনুসৰি যোৱা ২১ আগষ্টত অৰ্থনৈতিক অপৰাধ শাখাই বিনোদ কুমাৰ ৰায়ৰ বিৰুদ্ধে এক তথ্য লাভ কৰিছিল ৰায়ে এখন ইন’ভা গাড়ীৰে নিজৰ কৰ্মস্থলীৰ পৰা ওলাই যোৱাৰ তথ্য লাভ কৰিছিল অৰ্থনৈতিক অপৰাধ শাখাই লক্ষণীয়ভাৱে এই বাহনখনত ৰায়ে অবৈধ কামৰ পৰা সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ নগদ ধন লুকুৱাই ৰাখিছিল।

এই বিষয়ত তদন্তৰ বাবে আৰক্ষীয়ে এক এছ আই টি গঠন কৰে। ইয়াৰ পিছতে ৰায়ৰ বাসগৃহত তালাচী অভিযান আৰম্ভ কৰা হয়। জানিব পৰা মতে অৰ্থনৈতিক অপৰাধ শাখাই অভিযান চলোৱাৰ তথ্য লাভ কৰি বিনোদ কুমাৰ ৰায়ে নিজ গৃহত বহু ধন জ্বলাই দিয়ে তালাচীৰ সময়ত বিভাগটোৱে ঘৰৰ টয়লেট পাইপৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা নোট উদ্ধাৰ কৰে।

নোটবোৰ এনেদৰে জ্বলাই দিয়াৰ বাবে শৌচালয়ৰ নলা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এনে পৰিস্থিতিত পৌৰ নিগমৰ কৰ্মচাৰীৰ সহায়ত নলা মুকলি কৰা হয়। কেৱল এয়াই নহয়, ঘৰটোৰ তালাচীৰ সময়ত পানীৰ টেংকিত লুকুৱাই থোৱা ৫০০ টকাৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হয় উদ্ধাৰ হোৱা ধনখিনিৰ পৰিমাণ প্ৰায় ৩৯ লাখ ৫০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও জ্বলি যোৱা ৫০০ টকীয়া নোটকে ধৰি এতিয়ালৈকে প্ৰায় ৫২ লাখ টকা উদ্ধাৰ হৈছে। এই অভিযানৰ সময়ত ২৬ লাখ টকাৰ সোণ-ৰূপৰ গহনা, বীমা পলিচিৰ কাগজ আৰু স্থাৱৰস্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ আৰু এখন ইনোভা ক্রিষ্টা গাড়ীও উদ্ধাৰ কৰা হৈছে। বীমা পলিচি আৰু নথি-পত্ৰৰ মূল্যায়ন চলি আছে বুলি অৰ্থনৈতিক অপৰাধ শাখাই জানিবলৈ দিয়ে।

বৰ্তমান এই বিষয়ত তদন্ত অব্যাহত আছে বুলি অৰ্থনৈতিক অপৰাধ শাখাই লগতে সদৰী কৰে। এই অসৎ পন্থাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিশ্চিত কৰি দিয়ে কৰ্তৃপক্ষই। ইতিমধ্যে এই গোচৰত বিনোদ কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে তালাচীৰ সময়ত বাধা দিয়াৰ বাবে তেওঁৰ পত্নীৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে