ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা…
মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত গৌতৌৰা ষ্টেচনৰ সমীপত গেভৰা ৰোড-বিলাসপুৰ MEMU স্থানীয় ৰে’লখনে এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে এম ই এম ইউ ৰেলৰ প্ৰথমটো ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
ছত্তীশগড়ৰ বিলাসপুৰ জিলাত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত ১১ জন লোক নিহত হোৱাৰ লগতে ২০জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত গৌতৌৰা ষ্টেচনৰ সমীপত গেভৰা ৰোড-বিলাসপুৰ MEMU স্থানীয় ৰে’লখনে এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে এম ই এম ইউ ৰেলৰ প্ৰথমটো ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
বিলহাৰ নিবাসী সঞ্জীৱ বিশ্বকৰ্মাই, এম ই এম ইউ ৰে’লৰ প্ৰথমটো ডবাত থকা সঞ্জীৱ বিশ্বকৰ্মাই কয় যে হঠাতে ৰে’লখনে তীব্ৰ জোকাৰণিৰ সৃষ্টি সংঘৰ্ষত লিপ্ত হয়। চৌদিশে আন্ধাৰ নামি আহিল। সাৰ পাই তেওঁ নিজকে চিটৰ তলত আবদ্ধ হৈ থকা দেখিলে, সন্মুখত পৰি আছিল মৃতদেহ। ৰায়পুৰৰ বাসিন্দা মোহন শৰ্মাই কয় যে, লিংক এক্সপ্ৰেছ পলম হোৱাৰ বাবে স্থানীয় ৰে’লত উঠিছিল। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে তেওঁৰ ভৰিখন আবদ্ধ হৈ পৰিল, আৰু ৰে’লৱেৰ কৰ্মচাৰীসকলে তেওঁ ভৰিখন মুক্ত কৰিবলৈ যথেষ্ট সময় লাগিছিল । বিলাসপুৰৰ ছাত্ৰী মেহবীশ পাৰবীনে কয় যে, দুৰ্ঘটনাৰ সময়ত তেওঁৰ ভৰিখন ভাঙি গৈছিল। সকলোতে বিশৃংখলতা, মানুহে চিঞৰ-বাখৰ বিয়পি পৰিছিল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰে’ল আৰক্ষী আৰু জিলা প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। গেছ কাটাৰৰ সহায়ত ডবাবোৰ কাটি বগীত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। বিলাসপুৰ চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত আছে দুৰ্ঘটনাস্থলী।
বিলাসপুৰ জিলা দণ্ডাধীশ সঞ্জয় আগৰৱালাই জানিবলৈ দিয়া মতে, গেভৰা পথৰ পৰা ৰাওনা হোৱা MEMU ৰে’লখনে গৌতৰা আৰু বিলাসপুৰ ষ্টেচনৰ মাজত পিছফালৰ পৰা এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা, গুৰুতৰভাৱে আহতক ৫ লাখ টকা, আৰু নাবালক আহতক ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ৰে’লৱেই। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইয়ে।
এই দুৰ্ঘটনাক অত্যন্ত মৰ্মান্তিক আৰু বেদনাদায়ক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্পূৰ্ণ জৰুৰীভাৱে চলি আছে সাহায্য আৰু উদ্ধাৰ অভিযান। আহতসকল বিলাসপুৰৰ এপ’ল’ হাস্পতাল, ছত্তীশগড় ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স,কে ধৰি অন্যান্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
উদ্ধাৰ অভিযানত সহায় কৰে গাঁওবাসীয়ে
স্থানীয় ৰাইজে জনোৱা মতে, সংঘৰ্ষৰ শব্দ শুনি ওচৰৰ গাঁৱৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে। দুৰ্ঘটনাটোৰ ফলত প্ৰায় ১২খন ৰে’লৰ চলাচল ব্যাহত হয়। কেন্দ্ৰীয় মন্ত্ৰী টোখান সাহু আৰু বিধায়ক ধৰ্মলাল কৌশিকে আহতসকলৰ অৱস্থাৰ বিষয়ে জানিবলৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে। দুৰ্ঘটনাটোৰ কাৰণৰ পুংখানুপুংখ তদন্তৰ বাবে ৰে’লৱে সুৰক্ষা আয়ুক্তৰ পৰ্যায়ত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।