শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ ৰে’ল দুৰ্ঘটনাঃ কপলিং ভাগি দুভাগত বিভক্ত হ’ল চলন্ত ৰে’ল, তাৰ পিছত…

বিহাৰৰ বাক্সাৰ জিলাত সংঘটিত হৈছে এক ৰে’ল দুৰ্ঘটনা। দুটা ডবাৰ মাজত থকা কপলিং ভাঙি পৰাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰে দিল্লীৰ পৰা ইছলামপুৰ অভিমুখী মগধ এক্সপ্ৰেছ ৰে’ল। কিছু সময়ৰ পিছত ৰে’লখনৰ লোকো পাইলটে এই ঘটনাৰ বিষয়ে জানিব পাৰে আৰু লগে লগে তেওঁ ৰে’লৱেৰ উচ্চপদস্থ বিষয়াক এই বিষয়ে অৱগত কৰে।

পুনৰ ৰে’ল দুৰ্ঘটনাঃ কপলিং ভাগি দুভাগত বিভক্ত হ’ল চলন্ত ৰে’ল, তাৰ পিছত…
দুৰ্ঘটনাৰ সন্মুখীন মগধ এক্সপ্ৰেছ
Monjit Dutta
Monjit Dutta | Published: 08 Sep 2024 13:51 PM

দেশত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা। বিহাৰৰ বাক্সাৰ জিলাত এই ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ সন্মুখীন হৈছে দিল্লীৰ পৰা ইছলামপুৰ অভিমুখী মগধ এক্সপ্ৰেছ ৰে’ল। বিভাগীয় তথ্য অনুসৰি ৰঘুনাথপুৰ আৰু টুডিগঞ্জ ষ্টেচনৰ মাজত হঠাতে কপলিং ভাঙি দুটা ভাগত বিভক্ত হৈ পৰে ৰে’লখন। এনেদৰেই সমুখৰ কেইটামান ডবাসহ আগবাঢ়ি গুছি যায় ইঞ্জিনটো। কিছু সময়ৰ পিছতহে এই ঘটনাৰ বিষয়ে ৰে’লখনৰ লোকো পাইলটে জানিব পাৰে আৰু লগে লগে তেওঁ ৰে’লৱেৰ উচ্চপদস্থ বিষয়াক এই বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতে জ্যেষ্ঠ বিষয়াসহ বিভাগীয় এটা দল সেই স্থানত উপস্থিত হয় আৰু কাৰিকৰী দিশসমূহ চোৱাচিতা কৰাৰ পিছত ৰে’লখনৰ যাত্ৰা পুনৰ আৰম্ভ হয়। এই দুৰ্ঘটনাত অৱশ্যে কোনো যাত্ৰীৰ হানি-বিঘিনি ঘটা নাই তথা সা-সম্পত্তিৰো কোনো ধৰণওৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। ৰে’ল বিভাগৰ তথ্য অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হৈছে বাক্সাৰ-ডিডিইউ পাটনা ৰে’ল ছেকচনত।

মগধ এক্সপ্ৰেছ টুডিগঞ্জ অভিমুখে ৰাওনা হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। ৰে’ল বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, ৰে’লখন ডুমৰাও ৰে’ল ষ্টেচনৰ পৰা ঠিক ১১ বজাত ৮ মিনিট পলমকৈ পৰৱৰ্তী ষ্টেচন অভিমুখে ৰাওনা হৈছিল। ৰে’লখন চলিবলৈ আৰম্ভ হোৱাৰ পিছত এক মিনিটৰ ভিতৰতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুটা ডবাৰ মাজত থকা কপলিং ভাঙি পৰাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰে ৰে’লখন আৰু সন্মুখৰ কেইটামান ডবাসহ ইঞ্জিনটো কিছু দূৰলৈ আগবাঢ়ি যায়। আনহাতে ইঞ্জিন অবিহনেই ৰে’লখনৰ পিছফালৰ ডবাকেইটা ট্ৰেকত প্ৰায় ডেৰ কিলোমিটাৰমান যোৱাৰ পিছত ৰৈ যায়। এনে ঘটনাত আতংকিত হৈ পৰে ডবাকেইটাত থকা যাত্ৰীসকল।

লক্ষণীয়ভাৱে ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে আছিল এক ৰে’লৱেৰ ক্ৰছিং। অৱশ্যে সৌভাগ্যৱশতঃ ডবাকেইটা ট্ৰেকত কিছু দূৰ যোৱাৰ পিছত ৰৈ যোৱাৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। এই দুৰ্ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হয় ৰে’লৱেৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে আৰ পি এফ আৰু স্থানীয় আৰক্ষীৰ এটা দল।

তেওঁলোকে আতংকিত যাত্ৰীসকলৰ উদ্বেগ দূৰ কৰি পৰিস্থিত নিয়ন্ত্ৰণ কৰাৰ লগতে তাৎক্ষণিকভাৱে কপলিঙৰ মেৰামতিৰ কাম আৰম্ভ কৰে। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰে’লখনৰ যাত্ৰা পুনৰ আৰম্ভ কৰা হয়। আনহাতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ৰে’ল মন্ত্ৰালয়ে এই দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ বিভাগীয় ৰে’ল অধীক্ষকক নিৰ্দেশ দিছে।