শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৰ্মান্তিক দুৰ্ঘটনা! দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; প্ৰাণ হেৰুৱালে ৮ যাত্ৰীয়ে, আহত কেইবাজনো

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এই বাছখনত প্ৰায় ৪০ৰ পৰা ৫০ জন যাত্ৰী আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, পথত প্ৰবল কুঁৱলী থকাৰ ফলত বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। এই ভয়ংকৰ দুৰ্ঘটনাত ৮ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১২ জন লোক গুৰুতৰভাৱে আহত হৈছে।

মৰ্মান্তিক দুৰ্ঘটনা! দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; প্ৰাণ হেৰুৱালে ৮ যাত্ৰীয়ে, আহত কেইবাজনো
হিমাচলত ভয়ংকৰ দুৰ্ঘটনা
Monjit Dutta
Monjit Dutta | Updated On: 09 Jan 2026 19:28 PM

হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত আজি বিয়লি সংঘটিত হয় এক মৰ্মান্তিক বাছ দুৰ্ঘটনা। এখন বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৮ জন যাত্ৰীয়ে। জানিব পৰা মতে, ছিমলা জিলাৰ কুপৱীৰ পৰা সোলান অভিমুখে যাত্ৰাৰত অৱস্থাত ব্যক্তিগত খণ্ডৰ বাছখন হৰিপুৰধাৰত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ৮ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১২ জন লোক গুৰুতৰভাৱে আহত হৈছে।

কিদৰে সংঘটিত হ’ল দুৰ্ঘটনা

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এই বাছখনত প্ৰায় ৪০ৰ পৰা ৫০ জন যাত্ৰী আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, পথত প্ৰবল কুঁৱলী থকাৰ ফলত বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় একাংশ লোক ঘটনাস্থলীৰ কাষ চাপি আহে। লগে লগে স্থানীয় আৰক্ষীকো খবৰ দিয়া হয়।

এই খবৰ লাভ কৰাৰ লাভ কৰাৰ লগে লগে আৰক্ষী-প্ৰশাসনৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এতিয়ালৈকে প্ৰায় ৩০ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। গুৰুতৰভাৱে আহত ১২ জন লোকক এম্বুলেন্সৰ জৰিয়তে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মৃতকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

আঘাতপ্ৰাপ্ত কিছুসংখ্যক লোকৰ সংকটজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ছিৰমৌৰৰ আৰক্ষী অধীক্ষকেও উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে। প্ৰকাশিত খবৰ মতে স্থানীয় একাংশ লোকে দুৰ্ঘটনাৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষী আহি পোৱাৰ পূৰ্বেই উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।

আৰক্ষী আৰু স্থানীয় ৰাইজে মিলি বাছৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰে। আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰক্ষীয়ে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে মৃত যাত্ৰীসকলৰ পৰিচয় উদ্ধাৰৰ বাবে স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।