Top 10 headlines today: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ইয়াৰোপৰি পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।

১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
আজি ১৭ জুলাই, আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
- আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্যকাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। প্ৰাক্তন আলফা নেতা দৃ্ষ্টি ৰাজখোৱা আৰু আপৰ প্ৰাক্তন নেতা মনোজ ধানোৱাৰসহ কেবাজনেও যোগ দিয়ে বিজেপিত। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেবাগৰাকীও নেতা উপস্থিত থাকে এই অনুষ্ঠানত।
- ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। উচ্ছেদ অভিযানে অসমৰ ঐতিহ্যক আঘাত হনা বুলি দাবী কৰি শইকীয়াই কয় যে এই উচ্ছেদে কেইবাটাও সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত কৰিছে।
- গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত অনাকাংক্ষিত ঘটনা। আজি পুৱাই বন বিভাগৰ লোকৰ সৈতে সংঘাতত লিপ্ত হয় একাংশ উচ্ছেদিত। বন বিভাগৰ গুলীচালনাত নিহত এজন আৰু আহত কেইবাজন। কেইদিনমান পূৰ্বে পাইকানত চলিছিল উচ্ছেদ অভিযান।
- গুৱাহাটীত আই ই ডি সংস্থাপনৰ সৈতে জড়িত থকাৰ অভিযোগত NIA ই গ্ৰেপ্তাৰ কৰিছে দুজন লোকক। ডিব্ৰুগড়ৰ ভাৰ্গৱ গগৈ আৰু চুমু গগৈক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে। আলফা(স্বা) ৰ বিস্ফোৰণৰ পৰিকল্পনাত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।
- পাইকানত আৰক্ষীৰ সৈতে একাংশ উচ্ছেদিত সংঘাতত লিপ্ত হোৱা ঘটনাক গৰিহণা দিছে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। উচ্ছেদিতক কংগ্ৰেছে উচতনি দিয়াৰ অভিযোগ তুলিছে উপাধ্যক্ষগৰাকীয়ে।
- গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। পৰিষ্কাৰ চহৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী মহানগৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনায় কথা। স্বচ্ছ সৰ্বক্ষণ-২০২৪-২৫ৰ সমীক্ষা অনুসৰি উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে গুৱাহাটী।
- জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰা পথৰ বহু ঠাইত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। বাল্টাল পথত হোৱা ভূমিস্খলনৰ ফলত আহত হয় প্ৰায় ১০ জন তীৰ্থযাত্ৰী । ক্ষন্তেকীয়া বানৰ কবলত আবদ্ধ হৈ পৰিল বহু তীৰ্থযাত্ৰী। ইয়াৰ বাবে বৃহস্পতিবাৰে স্থগিত ৰখা হয় অমৰনাথ যাত্ৰা।
- পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক মোদী চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ বিফলতা বুলি দাবী কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। AIMIM ৰ মুৰব্বী ওৱেইছিয়ে কয় যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী ভাৰতীয়ক হত্যা কৰিলে। এয়া নিৰাপত্তাৰ বিফলতাৰ উদাহৰণ।
- আৰচিবিয়ে আই পি এল ২০২৫ ৰ খিতাপ দখলৰ পাচতে বেংগালুৰুত সংঘটিত হৈছিল এক পদপৃষ্টৰ ঘটনা। দলটোক সম্বৰ্ধনাৰ বাবে আয়োজন কৰা এক অনুষ্ঠানত অত্যধিক ভিৰৰ বাবে হেঁচা-থেলাত কেবাগৰাকীও লোকৰ মৃত্যু ঘটিছিল। এই ঘটনাৰ বাবে আৰচিবিক জগৰীয়া কৰিছে কৰ্ণাটক চৰকাৰে।