শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১০ বছৰত কিমান পৰিমাণৰ ক’লা ধন উদ্ধাৰ হ’ল দেশত? সংসদত কেন্দ্ৰীয় চৰকাৰে দিলে এনে তথ্য

দেশলৈ যোৱা ১০ বছৰত কিমান পৰিমাণৰ ক’লা ধন ঘূৰি আহিল? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এতিয়া গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সংসদত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। জানো আহক এই বিষয়ে।

১০ বছৰত কিমান পৰিমাণৰ ক’লা ধন উদ্ধাৰ হ’ল দেশত? সংসদত কেন্দ্ৰীয় চৰকাৰে দিলে এনে তথ্য
ক’লা ধন সন্দৰ্ভত চৰকাৰে দিলে তথ্য (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2025 06:56 AM

২০১৪ চনত প্ৰথমবাৰৰ বাবে দেশৰ ক্ষমতালৈ আহিছিল নৰেন্দ্ৰ মোদী চৰকাৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনসাধাৰণৰ সমুখত অলেখ প্ৰতিশ্ৰুতিৰ জোৱাৰ তুলি বিজেপিয়ে প্ৰশস্ত কৰি দিল্লী জয়ৰ পথ। এনে প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত অন্যতম আছিল দেশলৈ ক’লা ধন উভতাই অনা। বিজেপিৰ এই প্ৰতিশ্ৰুতিত আশ্বস্ত হৈছিল জনসাধাৰণ। ইফালে ২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰিছিল আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৮ নৱেম্বৰৰ নিশা হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০০ আৰু ১০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰে।

সেই সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিমুদ্ৰাকৰণ নীতিক ভুৱা নোট আৰু ক’লা ধন নাইকিয়া কৰাৰ বাবে এয়া ‘মাষ্টাৰষ্ট্ৰোক’ আখ্যা দিছিল। কিছু সমস্যা হ’লেও দেশৰ স্বাৰ্থত সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ জনোৱা হৈছিল আহ্বান আৰু এই আহ্বানৰ প্ৰতি সঁহাৰিও জনাইছিল জনসাধাৰণে।

পিছে নিৰ্বাচিনী প্ৰতিশ্ৰুতি আৰু বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পিছত দেশলৈ যোৱা ১০ বছৰত কিমান পৰিমাণৰ ক’লা ধন ঘূৰি আহিল? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এতিয়া গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ পৰা প্ৰকাশ কৰা হৈছে এই প্ৰশ্নৰ উত্তৰ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। কালি অধিৱেশনৰ প্ৰথম দিনাই পশ্চিম বংগৰ তৃণমূলৰ সাংসদ মালা ৰায়ে ক’লা ধনক লৈ এক প্ৰশ্ন উত্থাপন কৰে। যোৱা ১০ বছৰত মোদী চৰকাৰে বিদেশৰ পৰা কিমান ক’লা ধন ঘূৰাই আনিছে, সেই বিষয়ে প্ৰশ্ন কৰে সাংসদগৰাকীয়ে।

ইয়াৰ সমান্তৰালকৈ সাংসদগৰাকীয়ে দেশৰ পৰা কিমান ক’লা ধন ওলাইছে, সেই তথ্যও জানিব বিচাৰে। সাংসদ মালা ৰায়ৰ এই প্ৰশ্ন সন্দৰ্ভত কেন্দ্রীয় বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধুৰীয়ে লিখিত ৰূপত উত্তৰ দিয়ে৷ তেওঁ প্ৰকাশ কৰা মতে, ২০১৫ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে কেন্দ্ৰীয় চৰকাৰে মুঠ ২,৪৭৬ কোটি টকা কৰ আৰু জৰিমনা সংগ্ৰহ কৰিছে।

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীৰ মতে, আয়কৰৰ ধাৰাত পোনপটীয়াকৈ ক’লা ধন বুলি কোনো কথা নাই, বিদেশত অপ্ৰকাশিত সম্পত্তিৰ হিচাপ প্ৰকাশ কৰাৰ আইনহে আছে। সেই আইন অনুসৰি এই তিনিমাহত কেন্দ্ৰই মুঠ ৪,১৬৪ কোটি টকাৰ অপ্ৰকাশিত বিদেশী সম্পত্তি উদ্ধাৰ কৰিছে বুলি মন্ত্রী পংকজ চৌধুৰীয়ে উল্লেখ কৰে।

ইয়াৰে ভিতৰত কেন্দ্ৰই ২,৪৭৬ কোটি টকা কৰ আৰু জৰিমনা সংগ্ৰহ কৰিছে বুলিও তেওঁ সদৰী কৰে। তেওঁ উল্লেখ কৰা মতে এতিয়ালৈকে ১০৮৭টা অপ্ৰকাশিত বিদেশী সম্পত্তি পোৱা গৈছে। ইয়াৰ ভিত্তিত ৪০,৫৬৪ কোটি টকা কৰ আৰু জৰিমনা দাবী কৰা হৈছে; কিন্তু উদ্ধাৰ হৈছে ৩৩৯ কোটি টকা।

কেন্দ্রীয় বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধুৰীয়ে এইদৰে প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰে যদিও অৱশ্যে দ্বিতীয়টো প্ৰশ্ন অৰ্থাৎ দেশৰ পৰা এই ১০টা বছৰত কিমান পৰিমাণৰ ক’লা ধন উদ্ধা হৈছে, সেই সন্দৰ্ভত কোনো উত্তৰ নিদিলে।