শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজ্যত বাবৰি মছজিদ নিৰ্মাণৰ দাবী কৰি দলৰ পৰা বহিষ্কৃত বিধায়ক, হিন্দুক গংগাত উটুৱাই দিয়াৰো ভাবুকি!

বিধায়ক হুমায়ুনে উল্লেখ কৰে যে অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিনটোতে, ২০২৫ চনৰ ৬ ডিচেম্বৰত মুৰ্ছিদাবাদৰ বেলডাঙাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ বিৰোধিতা কৰিছে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে। তাৰ মাজতেই তেওঁক টি এম চিৰ পৰা বহিষ্কাৰ কৰা হয়।

ৰাজ্যত বাবৰি মছজিদ নিৰ্মাণৰ দাবী কৰি দলৰ পৰা বহিষ্কৃত বিধায়ক, হিন্দুক গংগাত উটুৱাই দিয়াৰো ভাবুকি!
হুমায়ুন কবিৰক বহিষ্কাৰ
raj-saikia
Raj Saikia | Updated On: 04 Dec 2025 15:57 PM

সম্প্ৰতি পশ্চিম বংগত বাতৰিৰ শিৰোনাম দখল কৰিছে বিধায়ক হুমায়ুন কবীৰে। তেওঁ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰিছে, যাৰ আধাৰশিলা ৬ ডিচেম্বৰত স্থাপন হ’ব। ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিবাদৰ পিছত তৃণমূল কংগ্ৰেছে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে। তাৰ পাছতেই হুমায়ুনে বিধানসভা নিৰ্বাচনত ১৩১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি নিজা দল গঠনৰ কথাও ঘোষণা কৰিছে।

বিধায়ক হুমায়ুনে উল্লেখ কৰে যে অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিনটোতে, ২০২৫ চনৰ ৬ ডিচেম্বৰত মুৰ্ছিদাবাদৰ বেলডাঙাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ বিৰোধিতা কৰিছে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে। কংগ্ৰেছে চিকিৎসালয় নিৰ্মাণৰ পৰামৰ্শ দিয়াৰ বিপৰীতে বিজেপিয়ে মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছে।

পুনৰ কিয় বাতৰিৰ শিৰোনাম হুমায়ুন?

১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। বিধায়কগৰাকীৰ মতে, এই ঘটনাই মুছলমান আৱেগক ভেঙুচালি কৰিলে, যিটো আজিও পুনৰ উদ্ধাৰ হোৱা নাই। বিধায়কগৰাকীয়ে ঠিক সেই তাৰিখতে অৰ্থাৎ ২০২৫ চনৰ ৬ ডিচেম্বৰত মুৰ্ছিদাবাদৰ বেলডাঙাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব বুলি ঘোষণা কৰে।

ইয়াৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ বিজেপিয়ে। বিজেপিয়ে কয় যে মছজিদ নিৰ্মাণ কৰিব পাৰি, কিন্তু বাবৰৰ নামেৰে নামকৰণ কৰা মছজিদ এই দেশত নিৰ্মাণ নহ’ব, কাৰণ তেওঁ আক্ৰমণকাৰী আছিল। তদুপৰি কংগ্ৰেছ দলে মছজিদৰ পৰিৱৰ্তে চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে।

হুমায়ুন কবীৰ কোন?

নিজৰ বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে হুমায়ুন কবীৰে। শেহতীয়াকৈ তেওঁ বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ কথা কয়। এই কাৰণেই তেওঁ কেৱল বংগত বাতৰিৰ শিৰোনাম দখল কৰাই নহয়, দেশজুৰি তেওঁকৰ বক্তব্যক লৈ চৰ্চা চলি আছে। ১৯৬৩ চনৰ ৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা হুমায়ুন কবীৰ ২০২১ চনত ভৰতপুৰ বিধানসভা আসনৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

মমতা বেনাৰ্জী প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়া হুমায়ুনক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। অৱশ্যে টিএমচি এৰি যোৱাটো তেওঁৰ এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁ টিএমচি এৰি থৈ গৈছে। ২০১১ চনৰ নিৰ্বাচনত ৰেজিনগৰ বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছৰ টিকটত তেওঁ জয়ী হৈছিল। অৱশ্যে মাত্ৰ এবছৰৰ পিছতে পদত্যাগ কৰে।

মমতা বেনাৰ্জীয়ে ২০১৫ চনতো তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছিল

২০১৫ চনত মমতা বেনাৰ্জীয়ে দল বিৰোধী কামত লিপ্ত হোৱাৰ অপৰাধত ছবছৰৰ বাবে হুমায়ুনক বহিষ্কাৰ কৰিছিল। এই সময়ছোৱাত তেওঁ ২০১৬ চনৰ নিৰ্বাচনত ৰেজিনগৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল। মাত্ৰ দুবছৰৰ পিছত ২০১৮ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৯ চনৰ নিৰ্বাচনত তেওঁ মুৰ্ছিদাবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, তাতো পৰাজিত হৈছিল।

একেৰাহে দুবাৰ পৰাজয়ৰ অন্তত হুমায়ুনে নিজৰ পূৰ্বৰ দল তৃণমূল কংগ্ৰেছলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। সেয়ে বহিষ্কাৰৰ সময়সীমা শেষ হোৱালৈ মনে মনে অপেক্ষা কৰি থাকিল। বহিষ্কাৰৰ সময়সীমা শেষ হোৱাৰ লগে লগে তেওঁ টিএমচিৰ সৈতে পুনৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ ভৰতপুৰ সমষ্টিৰ পৰা ২০২১ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। অৱশ্যে এই কাৰ্যকাল সমাপ্ত হোৱাৰ আগতেই দলটোৱে তেওঁক পুনৰবাৰ বহিষ্কাৰ কৰিছে।

হিন্দুক নদীত পেলাই দিম – হুমায়ুন কবীৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত হুমায়ুন কবীৰে এক বিতৰ্কিত বক্তব্য দিছিল। নিৰ্বাচনত জয়ী হোৱাৰ দুঘণ্টাৰ ভিতৰতে পশ্চিম বংগৰ ভাগীৰথী নদীত হিন্দুক দলিয়াই দিব বুলিও কয় হুমায়ুনে। তেওঁ কয়, “মুৰ্ছিদাবাদ আমাৰ। ইয়াৰ জনসংখ্যাৰ ৭০ শতাংশই মুছলমান।”

নিৰ্বাচনী সভাত ভাষণ দি টিএমচিৰ নেতাগৰাকীয়ে অভিযোগ কৰে, “যদি মই তোমালোক হিন্দুসকলক দুঘণ্টাৰ ভিতৰত ভাগীৰথী নদীত উটুৱাই নিদিওঁ তেন্তে মই ৰাজনীতি ত্যাগ কৰিম। আপোনালোক ৩০ শতাংশ, আমি ইয়াত ৭০ শতাংশ। আপুনি যদি ভাবে যে আপুনি কাজিপাৰা মছজিদ ভাঙি পেলাব পাৰিব আৰু বাকী মুছলমানসকল পিছুৱাই থাকিব, তেন্তে মই বিজেপিক ক’ব বিচাৰো যে এইটো কেতিয়াও নহ’ব।”

তেওঁ দলৰ নেতাসকলক “হাড় ভাঙি” দিয়াৰ ভাবুকি দিয়ে

২০২১ চনত পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বিধায়ক হুমায়ুন কবীয়ে আন এজন তৃণমূল কংগ্ৰেছ বিধায়কক হাড় ভাঙি দিয়াৰ ভাবুকি দিয়াৰ অভিযোগ। তেওঁৰ বক্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

হুমায়ুন কবীৰে কৈছিল, “ৰেজিনগৰৰ বিধায়ক ৰবিউল আলম চৌধুৰী বৰ অহংকাৰী হৈ পৰিছে। যদি আপুনি মোৰ বাটত বাধা দিবলৈ চেষ্টা কৰে তেন্তে মই আপোনাক এটা শিক্ষা দিম; মই আপোনাৰ হাড় ভাঙি দিম।” ইয়াৰ বাবে তেওঁক জাননীও জাৰি কৰা হৈছিল।

মৃত্যুৰ ভাবুকিৰ গোচৰ ৰুজু

হুমায়ুন কবীৰৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকিৰ অভিযোগো উত্থাপন হৈছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ষ্টেট হেল্থ ইউনিভাৰ্চিটীৰ চৌহদত থকা নিজৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই বিষয়ত আৰক্ষীয়ে গোচৰো দাখিল কৰে। মুঠতে হুমায়ুন কবীৰৰ বিৰুদ্ধে ১০টাতকৈও অধিক গোচৰ চলি আছে, যিবোৰ বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে।